সমললৈ যাওক

পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
ভগৱান বুদ্ধ
 

কিন্তু গৌতমে তপশ্চৰ্য্যা কৰিবলৈ যি সিদ্ধান্ত লৈছিল, তাতে অবিচলিত থাকিল। গয়াৰ ওচৰৰ উৰৱেললৈ গৈ তেওঁ তপস্যা আৰম্ভ কৰিলে আৰু শেহত তত্ববোধৰ মধ্যম মাৰ্গৰ আবিষ্কাৰ কৰিলে। বাৰাণসীত প্ৰথমতে উপদেশ দিয়া পাঁচজন শিষ্যৰে সৈতে বুদ্ধভগৱানে ৰাজগৃহত পদাৰ্পণ কৰিলত বিম্বিসাৰ ৰজাই তেওঁ আৰু ভিক্ষু-সংঘৰ থকাৰ বাবে ৱেলুৱন (ৱেনুৱন) নামৰ উদ্যান দিছিল। এই উদ্যানত কোনো বিহাৰ- প্ৰতিষ্ঠা কৰা সম্বন্ধে হলে ক’তো একো উল্লেখ পোৱা নাযায়। বিম্বিসাৰ ৰজাই বুদ্ধ তথা ভিক্ষু সংঘক নিৰ্ভয়ে বেলুবনত থাকিবলৈ অনুজ্ঞা দিছিল; বেলুবন দানৰ অৰ্থ তাকে বুলি ধৰি লব লাগিব। কিন্তু ইয়াৰ দ্বাৰা ভিক্ষু-সংঘৰ প্ৰতি যে বিম্বিসাৰৰ আদৰৰ ভাৱ আছিল তাক স্পষ্টভাৱে দেখা যায়!

  অকল বুদ্ধ ভিক্ষুসকলকে নহয়, সেই সময়ত শ্ৰমণ সকলৰ যি বিৰাট বিৰাট সংঘ আছিল, সিবিলাককো ৰজা বিম্বিসাৰে আশ্ৰয় দিছিল। একে সময়তে এই শ্ৰমণ-সংঘ ৰাজগৃহৰ ওচৰে কাষৰে থকা বুলি ‘দীঘ- নিকায়’ৰ সামঞ্‌ঞ্ফলসুত্ত আৰু ‘মজ্‌ ঝিমনিকায়’ৰ মহাসকুলুদায়িসুত্তত উল্লেখ পোৱা যায়।

  এদিনাখন পূৰ্ণিমাৰ নিশা বিম্বিসাৰ ৰজাৰ পুতেক অজাতশত্ৰু, অমাত্যসকলক লগত লৈ নিজৰ কাৰেঙৰ ছাতত বহি আছিল। সেই সময়ত কোনোবা ডাঙৰ এজন শ্ৰমণ-নায়কৰ লগত সাক্ষাৎ কৰিবলৈ তেওঁৰ ইচ্ছা গল। তেতিয়া তেওঁৰ অমাত্যসকলে— এজনৰ পিচত আনজনে একো একোটা শ্ৰমণ-সংঘৰ নায়কজন স্তুতি কৰিলে আৰু তেনে নায়ক জনৰ ওচৰলৈ যোৱাৰ বাবে ৰজাৰ ওচৰত প্ৰাৰ্থনা জনালে। তেওঁৰ গৃহ-বৈদ্য হলে নীৰৱে বহি আছিল। অজাতশত্ৰুৰে তেওঁকো প্ৰশ্ন কৰিলে। তেতিয়া তেওঁ (জীৱকে) বুদ্ধ ভগৱানৰ স্তুতি কৰিলে


  ২. সং ৭৭।