পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সমসাময়িক ৰাজনৈতিক পৰিস্থিতি

ষোল ৰাষ্ট্ৰ

 'যো ইমেসং সোলসন্নং মহাজনপদানং পহুতসত্তৰতনানং ইসসৰাধিপচ্চং ৰজ্জং কাৰেয্য, সেয্যথীদং—(১) অংগানং (২) মগধানং (৩) কাসীনং (৪) কোসলানং (৫) ৱজ্জীনং (৬) মল্লানং (৭) চেতীনং (৮) ৱংসানং (৮) কুৰূনং (১০) পঞ্চালনং (১১) মচ্ছানং (১২) সূৰসেনানং (১৩) অসসকানং (১৪) অৱস্তীনং (১৫) গন্ধাৰানং (১৬) কম্বোজানং।

 এই উদ্ধৃতি ‘অঙ্গুত্তৰনিকায়’ৰ চাৰি ঠাইত পোৱা যায়। ললিত- ৱিন্তৰৰ তৃতীয় অধ্যায়তো এই বুলি উল্লেখ কৰা হৈছে যে বুদ্ধৰ জন্মৰ আগতে জম্বুদ্বীপত (ভাৰতত) ষোলখন ভিন ভিন ৰাজ্য আছিল। কিন্তু তাত, আঠখন ৰাজ্যৰ ৰাজবংশৰহে বৰ্ণনা পোৱা যায়। এই দেশবোৰৰ উল্লেখ বহুবচনত কৰা হৈছে। ইয়াৰ পৰা বিশ্বাস হয় এসময়ত চাগৈ এই দেশবোৰ মহাজন সত্তাযুক্ত আছিল। তাৰ মহাজন সকলক ৰজা কোৱা হৈছিল আৰু তেওঁলোকৰ অধ্যক্ষক মহাৰজা বোলা হৈছিল। বুদ্ধৰ সময়ত এই মহাজন সত্তাত্মক পদ্ধতি নিশকতীয়া হৈ নষ্ট হবলৈ ধৰিছিল আৰু তাৰ ঠাইত এক সত্তাত্মক ৰাজ্য পদ্ধতি ক্ষিপ্ৰভাৱে গঢ়ি উঠিবলৈ ধৰিছিল। এই ঘটনাৰ কাৰণ সম্বন্ধে বিবেচনা কৰাৰ আগতে উল্লিখিত ষোলখন দেশৰ বিষয়ে পাব পৰা তথ্যাদি এইখিনিতে চমুকৈ বৰ্ণোৱা উচিত হব।

 (১) অংগ—অংগ দেশ মগধৰ পুব পিনে আছিল। ইয়াৰ উত্তৰ ভাগক ‘অংগুত্তৰায়’ কোৱা হৈছিল। যেতিয়া মগধ দেশৰ ৰজাই অংগ দেশ জয় কৰি ললে তেতিয়া তাৰ পৰা মহাজনায়ক শাসন প্ৰণালী লোপ