যজ্ঞ-সংস্কৃতিৰ বিকাশ— অৱশ্যে ঋষি-মুনিসকলৰ যথেষ্ট মান- সম্মান কৰা হৈছিল, কিন্তু সেই যুগত তেওঁলোকৰ সংস্কৃতিয়ে অলপো উন্নতি কৰিব পৰা নাছিল। সপ্তসিন্ধু প্ৰদেশত তক্ষশিলাৰ নিচিনা বিশ্ববিদ্যালয় স্থাপিত হোৱাত দিয়ে শিক্ষাকেন্দ্ৰ হৈ পৰিল। ‘জাতক অটুঠ কথা’ৰ ভালেমান কাহিনীৰ পৰা জনা যায় যে বেদাধ্যয়ন কৰিবলৈ ব্ৰাহ্মণকুমাৰসকল আৰু ধনুৰ্ব্বিদ্যা শিকিবলৈ ৰাজকুমাৰসকলৰ হেনো সুদূৰ সপ্তসিন্ধু প্ৰদেশৰ তক্ষশিলাৰ নিচিনা ঠাইলৈকো গৈছিল।
সপ্তসিন্ধু প্ৰদেশ বা ভাৰতৰ মাজভাগত ইন্দ্ৰৰ নিচিনা পৰাক্ৰমী সাম্ৰাজ্য আৰু নাথাকিল। ইন্দ্ৰৰ সাম্ৰাজ্যৰ লগত পৰীক্ষিত বা জনমেজয়ৰ ৰাজ্যৰ তুলনা কৰিব নোৱাৰি। তেওঁলোকে বলিদান মূলক যাগ-যজ্ঞৰ পৃষ্ঠপোষকতা কৰিছিল আৰু তেওঁলোকৰ যত্নতে গঙ্গা-যমুনাৰ মাজত অৱস্থিত দেশ আৰ্য্যাৱৰ্ত্ত হৈ গৈছিল, এয়ে হল আটাইতকৈ উল্লেখযোগ্য কথা। তেওঁলোকৰ শাসন কালৰ পিচত বোধ হয় সপ্তসিন্ধু আৰু ভাৰতৰ মাজভাগ সৰু সৰু ৰাজ্যত বিভক্ত হৈ গৈছিল। তথাপিও আৰ্য্য আৰু দাসসকলৰ সংঘৰ্ষৰ ফলত গঢ়ি উঠা বলিদান মূলক যাগ-যজ্ঞৰ সংস্কৃতি ক্ৰমে সুদৃঢ় হৈ বিয়পিবলৈ ধৰিলে।