পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৫০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪
ভগৱান বুদ্ধ
 

সাৰিবপৰা ভিক্ষুসকলে সাধ্যমতে বৌদ্ধপুথিবোৰ লগত লৈ সেই পৰ্ব্বতীয়া এলেকালৈ পলাই যায় আৰু ক্যাণ্ডিৰ ৰজাৰ আশ্ৰয় লয়। আংশিক ভাৱে গোৱাতো সেই অৱস্থা হৈছিল। ইয়াতত পৰ্ত্ত গীজহঁতে পোন পহিলতে সাষ্টী, বাৰদেশ আৰু তিসৱাড়া নামৰ তহচীল তিনিখন জয় কৰি লয় আৰু কেইবছৰমানৰ পিচতে তাৰ মন্দিৰবোৰ চুৰমাৰ কৰি মানুহক বলেৰে ৰোমান কেথলিক কৰিবলৈ ধৰে। তেতিয়া কিছুমান হিন্দুৱে নিজৰ পৈত্ৰিক সা-সম্পত্তি জলাঞ্জলি দি লগত ইষ্টদেৱতাৰ মূৰ্ত্তিবোৰ লৈ সংৱদেকৰ নামৰ ওচৰৰ এখন দেশীয় ৰাজ্যলৈ পলাই যায়। আজিও এই সংৱদেকৰ অঞ্চলত সাষ্ট এলেকাৰ আটাইবোৰ দেৱ-দেৱীৰ মূৰ্ত্তি পোৱা যায়। পিচত পৰ্ত্তু গীজসকলে এই অঞ্চলো দখল কৰে; কিন্তু তেওঁলোকে আৰু হিন্দুসকলৰ ধৰ্ম্মৰ ওপৰত হস্তক্ষেপ নকৰিলে। আমাৰ মতে ভাৰতৰ মাজ ভাগৰ অহিংসাত্মক সংস্কৃতিৰ বেলিকাও কিছুদূৰ এনে অৱস্থাই হৈছিল।

 অহিংসাৰ প্ৰভাৱ— পৰীক্ষিত অথবা জনমেজয়ে অত্যাচাৰ নাইবা বলপ্ৰয়োগ কৰি বলিদান প্ৰধা থকা যাগ-যজ্ঞৰ পদ্ধতি মানুহৰ মাজত প্ৰৱৰ্ত্তন কৰা নাছিল। কিন্তু সেই সংস্কৃতিয়ে ৰজাৰ পৃষ্ঠপোষকতা পোৱা কাৰণে ব্ৰাহ্মণসকলেও তাক নিজেই স্বীকাৰ কৰি লৈছিল। যিসকলে এই নতুন সংস্কৃতি ভাল নাপালে তেওঁলোক বনলৈ গুচি গল আৰু তাতে তপস্যাৰ আশ্ৰয় লৈ নিজৰ প্ৰাচীন পৰম্পৰা অটুট ৰাখিলে। পৰ্ত্তুগীজ- সকলে খৃষ্টান কৰা বৌদ্ধ আৰু হিন্দুসকলৰ ওপৰত আজিকোপতি যিদৰে বৌদ্ধ আৰু হিন্দু সংস্কৃতিৰ প্ৰভাৱ দেখা যায়, সেইদৰে ভাৰতৰ মাজভাগৰ সাধাৰণ ৰাইজৰ মাজতো প্ৰাচীন অহিংসাত্মক সংস্কৃতিৰ কিছুদূৰ প্ৰভাৱ হৈ গল। অৰণ্যত থকা ঋষি-মুনি গাওঁ বা চহৰলৈ গলে তাৰ ৰাইজে তেওঁলোকক পৰম আদৰ-যত্ন কৰি পূজা কৰিছিল। কিন্তু শেহস্তৰত নগৰবোৰত যাগ-যজ্ঞ আৰু বলিদানো চলিছিল।