পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৪৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
আৰ্য্য সকলৰ জয়
১৩
 

ঠাইত হিংসাত্মক যাগ-যজ্ঞৰ প্ৰথা প্ৰৱলভাৱে বিয়পি পৰিবলৈ ধৰিলে। সপ্তসিন্ধুৰ ঠাইত গঙ্গা-যমুনাৰ মাজত থকা অঞ্চলহে আৰ্য্যাবৰ্ত্ত হৈ গল।

 অহিংসা তিস্থি থাকিল— পুৰণি অহিংসাত্মক অগ্নিহোত্ৰ-পদ্ধতি মৃতপ্ৰায় হৈ গল সঁচা, কিন্তু সি তেনেই হলে লোপ নাপালে। ৰজাৰ দৰবাৰ আৰু উচ্চ শ্ৰেণীৰ মানুহৰ ওপৰত তাৰ প্ৰভাৱ কম হৈ গল; কিন্তু অৰণ্য অঞ্চলত হলে ই ভালেখিনি পৰিমাণে জীয়াই থাকিল। আন কথাত কবলৈ গলে, যিসকলে অহিংসাত্মক সংস্কৃতিকে বুকুত সাবটি লৈ থাকিল তেওঁলোকে বনৰ ফলমূল খাই নিজৰ তপশ্চৰ্য্যা অটুট ৰাখিলে। ‘জাতক-অট্‌ঠকথা’ত এনে লোকৰ ভালেমান কাহিনী পোৱা যায়। নৱপ্ৰৱৰ্তিত হিংসাত্মক যজ্ঞ-পদ্ধতিত অতিষ্ঠ হৈ ভালেমান ব্ৰাহ্মণ আৰু আন আন বৰ্ণৰ লোকো বনলৈ গৈছিল আৰু তাতে আশ্ৰম পাতি তপশ্চৰ্য্যা কৰিছিল। বছৰৰ ভিতৰত কেইদিন মানৰ বাবে টেঙা আৰু লুণীয়া বস্তু খোৱাৰ কাৰণে তেওঁলোক নগৰ আৰু গাৱলৈ গৈছিল। তাৰ পিচত আকৌ নিজ নিজ আশ্ৰমলৈ উভতি গৈছিল। মুঠৰ ওপৰত সপ্তসিন্ধুৰ যতিসকলৰ নিচিনাকৈ ভাৰতৰ মাজ ভাগৰ ঋষি-মুনি সকল নষ্টপ্ৰায় নহৈ অৰণ্যৰ আশ্ৰয় লৈ তপশ্চৰ্য্যা কৰি কোনো ৰকমে তিস্থি ৰল।

 আধুনিক উদাহৰণ— এই কথা বুজাবলৈ আধুনিক বুৰঞ্জীৰপৰা এটা উদাহৰণ দিব পৰা যায়। সিংহল দ্বীপৰ পশ্চিম খণ্ডত পৰ্ত্ত গীজ সকলে নিজৰ আধিপত্য স্থাপন কৰি তাৰ বুদ্ধ-মন্দিৰ আৰু ভিক্ষুসকলৰ মন্দিৰ বিধ্বংস কৰি দিয়ে আৰু আটায়েকে বলেৰে ৰোমান কেথলিক ধৰ্ম্মত দীক্ষা দিবলৈ ধৰে। তেতিয়া সিংহলৰ ৰজাই বুদ্ধৰ দন্তধাতু লগত লৈ ক্যাণ্ডিৰ হাবিয়নিলৈ পলাই যায় আৰু তাতে পাহাৰৰ বুলিত নিজৰ নতুন ৰাজধানী পাতে। সিংহল দ্বীপৰ পশ্চিম খণ্ডত পৰ্ত্ত গীজহঁতৰ হাতৰপৰা