পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৪৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
ভগৱান বুদ্ধ
 

সিন্ধু আৰু পঞ্জাবত পোৱা পুৰণি নগৰ আৰু ঘৰ সজাৰ পৰম্পৰা ভাৰতৰপৰা লোপ পালে; দ্বিতীয়তে অৰণ্যবাসী যতি সকল কিদৰে বসবাস কৰিছিল, তাক জনাৰ কোনো উপায় নাথাকিল। আগতে উল্লেখ কৰি অহা হৈছে যে ইন্দ্ৰই হেনো যতিসকলক কুকুৰৰ আহাৰ কৰি দিছিল। মূল শব্দ হল ‘সালাৱক’; ইয়াৰ অৰ্থ কুকুৰনেচীয়া বাঘো হব পাৰে আৰু কুকুৰো হব পাৰে। টীকাকাৰে ‘সালাৱক’ৰ অৰ্থ কুকুৰনেচীয়া বাঘ কৰিছে। কিন্তু ইন্দ্ৰৰ ভালেমান চিকাৰী কুকুৰ আছিল; এই কুকুৰ বোৰকে যতিসকলৰ বিৰুদ্ধে এৰি দিয়াটো অধিক সম্ভৱ যেন অনুমান হয়। এই যতিসকলৰ, চাগৈ সমাজৰ ওপৰত বিশেষ প্ৰভাৱ আছিল, নহলে ইন্দ্ৰই তেওঁলোকক মাৰি পেলাবলগীয়া নহল হেঁতেন। কিন্তু যতিসকল কেনে আছিল, তেওঁলোকে কি মানিছিল আদি কথা জনাৰ বাবে এতিয়া আমাৰ কোনো উপায় নাই।

 

 আৰ্য্য সংস্কৃতিৰ প্ৰতি শ্ৰীকৃষ্ণৰ বিৰোধ—সপ্তসিন্ধু অঞ্চলৰ ওপৰত ইন্দ্ৰৰ সম্পূৰ্ণ প্ৰভুত্ব প্ৰতিষ্ঠা হলত তেওঁ যে ভাৰতৰ মাজ, অঞ্চলৰ পিনেও আক্ৰমণ চলাবলৈ চেষ্টা কৰিব, তাত আচৰিত হব লগীয়া কোনো কথা নাই। কিন্তু তাত এজন ডাঙৰ প্ৰতিদ্বন্দ্বীৰ লগত ফেৰ মাৰিব লগীয়া হল। দেৱকীনন্দন কৃষ্ণ অকল গাই পোহা এজন ৰজা আছিল। ইন্দ্ৰৰ যাগ-যজ্ঞৰ সংস্কৃতি আৰু তেওঁৰ মহত্ব স্বীকাৰ কৰিবলৈ তেওঁ সাজু নাছিল, গতিকে ইন্দ্ৰই তেওঁৰ ওপৰত আক্ৰমণ চলালে। কৃষ্ণৰ অশ্বাৰোহী সেনা নাছিল; কিন্তু তেওঁ তাৰ প্ৰতিকাৰৰ বাবে এডোখৰ এনে বঢ়িয়া ঠাই বিচাৰি ললে যে তালৈ ইন্দ্ৰ আৰু এখোজো আগ বাঢ়িব নোৱাৰিলে। বৃহস্পতিৰ সহায়ত তেওঁ কোনো ৰকমে নিজৰ প্ৰাণ ৰক্ষা কৰি পিচ হোঁহকি গল।