পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আৰ্য্য সকলৰ জয়
১১
 

ঋগ্বেদৰ১৩ কিছুমান ঋচা আৰু ভাগৱত আদি পুৰাণত থকা কিছুমাল উপকথাৰ পৰা ইয়াৰ সমৰ্থন পোৱা যায়।১৪

  কৃষ্ণই বাদ যাগ-যজ্ঞৰ সংস্কৃতি মানিবলৈ সাজু নাছিল, তেওঁ তেন্তে মানিছিল কি? তেওঁক আঙ্গিৰস্‌ ঋষিয়ে যজ্ঞ কৰাৰ এটা সৰল আৰু সহজ পদ্ধতি শিকাই দিলে। এই যজ্ঞৰ দক্ষিণা আছিল— তপশ্চৰ্য্যা, দান, সৰলতা (আৰ্জ্জৱ), অহিংসা আৰু সত্য বচন। xx যত্তপো দানমাৰ্জ্জৱমহিংসা সত্যবচনমিতি তা অস্য দক্ষিণাঃ।১৫ ইয়াৰ পৰা ইয়াকে দেখা যায় যে আৰ্য্য আৰু দাসসকলৰ সংঘৰ্ষৰ ফলত সপ্তসিন্ধু অঞ্চলত যতিসকলৰ যি সংস্কৃতি ধ্বংস হৈ গৈছিল, তাৰে কিছু অংশ গঙ্গা-যমুনা অঞ্চলত হলে তেতিয়াও বাকী আছিল। ওপৰত দিয়া উদ্ধৃতিৰ পৰাই জনা যায় যে কৃষ্ণৰ নিচিনা ৰজাসকলে তপশ্চৰ্য্যা কৰা অহিংস মুনি সকলৰ পূজা কৰিছিল।

  কিন্তু এই অহিংসাত্মক সংস্কৃতিৰ বিশেষ উন্নতি নহল। ব্ৰাহ্মণ সকল ৰাজনীতিৰ পৰা আঁতৰি যোৱাৰ পিচত সাহিত্য আৰু আন আন মানুহৰ উপযোগী কথাৰ প্ৰতি বিশেষ ধ্যান দিবলৈ ধৰিলে। ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ প্ৰাচীন বিশ্ববিদ্যালয় আছিল তক্ষশিলাত। তাত ব্ৰাহ্মণসকলে বেদতত পঢ়াইছিলেই, লগতে ধনুৰ্ব্বিদ্যা, বৈদ্যক আদি শাস্ত্ৰও পঢ়াইছিল। সপ্তসিন্ধুৰ পৰা ইন্দ্ৰৰ পৰম্পৰাৰ সাম্ৰাজ্য শোপ পালেও, এই পৰম্পৰাৰ পৰা সৃষ্ট নতুন সংস্কৃতিৰ সাম্ৰাজ্য আৰম্ভ হল আৰু ক্ৰমে বাঢ়ি গল।

 মধ্য দেশত বৈদিক সংস্কৃতিৰ জয়— কৃষ্ণই ইন্দ্ৰক পৰান্ত কৰাৰ ছ শ কি সাত শ বছৰৰ পিচত পাণ্ডৱ বংশৰ দুজনা ৰজা—


  ১৩. ৮।৯৬।১৩-১৫  
  ১৪. ভাৰতীয় সংস্কৃতি আণি অহিংসা, পৃঃ ২২-২৫
  ১৫. আলোগ্য উপনিষদ, ৩।১৭।৪-৬