নাইকিয়া হৈ গল। ঋক্ আৰু যজুৰ্ব্বেদত এই বুলি উল্লেখ কৰা হৈছে যে ইন্দ্ৰই হেনো তৃষ্টাৰ পৰা বিশ্বৰূপক পুৰোহিতৰ বাব দিয়ে আৰু পিচত বিশ্বৰূপেও বিদ্ৰোহ কৰাৰ আশঙ্কা কৰি বোলে মাৰি পেলায়।১২ তথাপি পুৰোহিতৰ পদ কোনোবা নহয় কোনোবা এজন ব্ৰাহ্মণৰ হাততে থাকি গল। ৰাজনীতিৰ পৰা আঁতৰত থকা কাৰণে, ব্ৰাহ্মণসকলে সাহিত্যৰ অভিবৃদ্ধি কৰিব পাৰিলে।
বৈদিক ভাষা— দাস আৰু আৰ্য্যসকলৰ সংঘৰ্ষৰ ফলত এটা নতুন ভাষাৰ সৃষ্টি হল। এয়ে হল বৈদিক ভাষা। হিন্দু আৰু মুচলমান সকলৰ সংঘৰ্ষৰ ফলত যিদৰে ‘উৰ্দ্দু’ নামৰ এটা নতুন ভাষা গঢ়ি উঠিছিল, সেইদৰেই বৈদিক ভাষাৰো বিকাশ হৈছিল। কিন্তু বৈদিক ভাষাৰ সমান উচ্চ আসন উৰ্দ্দুৱে কোনো দিনে পাব পৰা নাই, আৰু পোৱাৰ সম্ভাৱনাও নাছিল। একমাত্ৰ বৈদিক ভাষাই দেৱ-বাণী হৈ গল!
এই বৈদিক ভাষাৰ অৰ্থ ভালদৰে বুজিবলৈ হলে বেবিলনীয় ভাষাৰ সম্যক জ্ঞান থকাৰ আৱশ্যক হয়; ‘দাস’ আৰু ‘আৰ্য্য’ শব্দৰ পৰাই কিছুমান মূল শব্দৰ অৰ্থ কিদৰে বিকৃত হৈছে, তাক বুজিব পৰা যায়। ‘দাস’ শব্দৰ মূল অৰ্থ আছিল ‘দাতা’; কিন্তু এতিয়া তা অৰ্থ হৈ পৰিছে ‘গোলাম। সেইদৰে আৰ্য্য’ শব্দৰ মূল অৰ্থ ‘যাযাবৰ’ হোৱা সত্বেও এতিয়া তাৰ অৰ্থ হৈ পৰিছে ‘শ্ৰেষ্ঠ’, ‘উদাৰ’ আৰু ‘মহান্’।
আৰ্য্যসকলৰ জয়ৰপৰা ক্ষতি— দাস আৰু আৰ্য্যসকলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত আটাইতকৈ অধিক ক্ষতি হল এয়ে যে দাসসকলৰ ভৱন আৰু নগৰ-নিৰ্মাণৰ কলা নষ্ট-প্ৰায় হৈ গল।
১২. হিলী সংস্কৃতি ৰাখি অহিংসা, পৃঃ ১৯-২০