পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৪৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ভগৱান বুদ্ধ
 

কোনো লোকেই আপোন-পৰ বিবেচনা কৰিব নোৱাৰে আৰু দয়া- মায়াৰ ভাৱো ৰাখিব নোৱাৰে। তেনে লোকে সন্ধিভঙ্গলৈকো কেৰেপ নকৰে। শিৱাজী মহাৰাজে যেতিয়া চন্দ্ৰৰাৱ মোৰেক হত্যা কৰিছিল, তেতিয়া সেই কাম ন্যায়সঙ্গত হৈছিল নে নাই সেই সম্বন্ধে আলোচনা কৰিবলৈ যোৱাটো নিৰৰ্থক। শিৱাজী মহাৰাজে ন্যায়-অন্যায় বিচাৰ কৰাত বহি গলে সাম্ৰাজ্য স্থাপন কৰে কেনেকৈ! সাম্ৰাজ্যৰ ভিতৰত থকা মানুহেও এনেধৰণৰ সামান্য পাপ-পূণ্যৰ বিচাৰ নকৰে। তেওঁলোকে মাথোন ইয়ালৈকে চকু দিয়ে যে মুঠৰ ওপৰত এনে সাম্ৰাজ্য প্ৰতিষ্ঠাৰ পৰা সমূহ ৰাইজৰ লাভ হৈছে নে হানি হৈছে।

 

 আৰ্য্যসকলৰ সত্তাৰ পৰা লাভ— এই দৃষ্টিৰ পৰা চাবলৈ গলে ইন্দ্ৰ বা আৰ্য্যসকলৰ সাম্ৰাজ্যৰ ফলত সপ্তসিন্ধুৰ লোকৰ চাগৈ যথেষ্ট লাভ হৈছিল। সৰু সৰু নগৰবোৰৰ মাজত বাৰে বাৰে লাগি থকা যুদ্ধ-বিগ্ৰহৰ ওৰ পৰিছিল, তাৰ ফলত ৰাইজ কিছুদূৰ সুখ আৰু শান্তিৰে থাকিব পাৰিছিল। মাৰাঠাসকলৰ বুৰঞ্জীতে আমি দেখিবলৈ পাওঁ যে স্বয়ং পেছোৱাসকলৰ ইষ্টকুটুম্বহঁতেই পূণাৰ শনিৱাৰৱাড়ে অৰ্থাৎ পেছোৱাসকলৰ মহলৰ ওপৰত ইংৰাজৰ পতাকা উৰুৱাই দিছিল আৰু কথিত আছে যে পেছোৱাসকলৰ শাসনৰ ওৰ পৰাত আন হিন্দুসকলে (অৰ্থাৎ অব্ৰাহ্মণ সকলে) হেনো ধুমধামেৰে উৎসৱ পালন কৰিছিল। এইদৰে বৃত্ৰ ব্ৰাহ্মণ হলেও ইন্দ্ৰই তেওঁক বধ কৰি সপ্তসিন্ধুত বিয়পি পৰা অন্তৰ্ব্বিবাদৰ অন্ত কৰি দিছিল। গতিকে তাৰ প্ৰজাসকলে যে ইন্দ্ৰৰ জয় বুলি কোঢ়াল তুলিছিল, সিও তেনেই স্বাভাৱিক কথা! আমি এইদৰে দেখিবলৈ পাওঁহঁক যে দাস আৰু আৰ্য্যসকলৰ সংঘৰ্ষৰ প্ৰথম সুফল হল সপ্তসিন্ধুত এক প্ৰকাৰৰ শান্তিৰ প্ৰতিষ্ঠা। দ্বিতীয়তে ইয়াৰ ফলত ৰাজনীতি ক্ষেত্ৰত ব্ৰাহ্মণসকলৰ গুৰু