পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৪৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
আৰ্য্য সকলৰ জয়
 

এই সূক্তৰ অৰ্থ কোনো কোনো ঠাইত এনেকুৱা হৈ গল যে তাক কোনেও বুজি নোেপোৱা হৈ পৰিল। তেতিয়া মানুহে এই বুলি মানি ললে যে এই সূক্তৰ শৰবোৰতে মন্ত্ৰৰ প্ৰভাৱ আহে।

 ইন্দ্ৰৰ স্বভাৱ— সপ্তসিন্ধুৰ ওপৰত প্ৰভুত্ব প্ৰতিষ্ঠা কৰোঁতা সেনাপতি ইন্দ্ৰ ৰে মানৱ আছিল, ঋগ্বেদত তাৰ যথেষ্ট প্ৰমাণ পোৱা যায়। তেওঁৰ সুভাৱ সম্বন্ধেও ‘কৌষীতকী উপনিষদ’ত অলপ অচৰপ আভাস পোৱা যায়। তেওঁৰ স্বভাৱ আছিল এই ধৰণৰ— দিৱেদাসৰ পুত্ৰ প্ৰতৰ্দ্দনে যুদ্ধ কৰি আৰু পৰাক্ৰম দেখুৱাই ইন্দ্ৰৰ প্ৰিয় মহললৈ গল। ইন্দ্ৰই তেওঁক কলে: ‘হে প্ৰতৰ্দ্দন, মই তোমাক বৰ দিওঁ, কি লাগে কোৱা।’ প্ৰতৰ্দ্দনে কলে: ‘মোক এনে বৰ দিয়া যাতে তাৰ পৰা মানুহৰ কল্যাণ হয়।’ তেতিয়া ইন্দ্ৰই কলে: ‘বৰ আনৰ কাৰণে খুজিব নোৱাৰি, তুমি নিজৰ কাৰণে বৰ খোজা।’ প্ৰতৰ্দ্দনে কলে: ‘মোক নিজৰ কাৰণে বৰ নালাগে।’ তেতিয়া ইন্দ্ৰই প্ৰতৰ্দ্দনক সত্য কথা কলে, কিয়নো ইন্দ্ৰই হল সত্য। ইন্দ্ৰই কলে: ‘মোক জানি লোৱা। মোক জনাৰ উপায়ে মানুহৰ বাবে হিতকৰ! তৃষ্টাৰ পুতেক ত্ৰিশীৰ্ষক মই মাৰি পেলাইছোঁ। অৰূমৰ্গ নামৰ যতিহঁতক মই কুকুৰৰ ভক্ষ্য কৰিছোঁ। অনেক সন্ধি অতিক্ৰমণ কৰি মই দিব্যলোকত প্ৰহলাদৰ অনুগামীহঁতক, অন্তৰিক্ষত পৌলোমোহঁতক আৰু পৃথিবীত কালকাশীহঁতক হত্যা কৰিছোঁ। তেতিয়া মোৰ এদাল চুলিও ইফাল সিফাল হোৱা নাছিল। এনেদৰে মোক যি চিনি পাব সি লাগিলে মাতৃবধ, পিতৃবধ, চুৰি, ভ্ৰূণ- হত্যা আদি পাপ কৰিলেও তাৰ অকণমাননা দ্বিধা নহয়; তাৰ চেহেৰাৰ বা ভাৱৰ কোনো সাল-সলনি নহয়।’

  ওপৰত দিয়া উক্তিৰ পৰা জনা যায় যে নিজৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰোঁতে ইন্দ্ৰই ভালেমান অত্যাচাৰ কৰিছিল, তাৰ উল্লেখ ঋগ্বেদতে পোৱা যায়। কিন্তু অকল ইন্দ্ৰই কিয়, সাম্ৰাজ্য স্থাপন কৰিবলৈ হলে