পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ভগৱান বুদ্ধ
 

এজনে ইন্দ্ৰৰ লগত সাক্ষাৎ কৰিছিল, ঋগ্বেদৰ ভালেমান ঠাইতে এই কথাৰ উল্লেখ আছে। দাসসকলৰ নেতৃত্ব আছিল বৃত্ৰ ব্ৰাহ্মণৰ হাতত। তেওঁৰ সম্বন্ধী আছিল তৃষ্টা, আৰু এৱেই ইন্দ্ৰক একপ্ৰকাৰ যন্ত্ৰ (বজ্ৰ) সাজি দিছিল। এই যন্ত্ৰেৰে ইন্দ্ৰই দাসসকলৰ নগৰবোৰ ভাঙি দিয়ে আৰু শেহত বৃত্ৰ ব্ৰাহ্মণকে মাৰে। ঋগ্বেদৰ ভালেমান ঠাইতে ইন্দ্ৰৰ বিশেষণ হিচাপে ‘পুৰন্দৰ’ শব্দৰ ব্যৱহাৰ কৰা হৈছে— এই শব্দৰ অৰ্থ হয়, নগৰ ভাঙোতা।১০

 ইন্দ্ৰৰ পৰম্পৰা— ‘ইন্‌’ আৰু ‘দ্ৰ’ৰ সমাস কৰি ‘ইন্দ্ৰ’ শব্দ গঠিত হৈছে। ‘ইন্’ অৰ্থাৎ যোদ্ধা। উদাহৰণ স্বৰূপে, ‘সহ ইনা ৱৰ্ততে ইতি সেনা।’ বেবিলনীয় ভাষাত শিখৰ বা প্ৰমুখ অৰ্থত ‘দ্ৰ’ শব্দ ব্যৱহাৰ কৰা দেখা যায়। গতিকে ইন্দ্ৰ শব্দৰ অৰ্থ হয় সেনাৰ অধিপতি বা সেনাপতি। লাহে লাহে এই শব্দ ৰাজ-বাচক হৈ পৰে— যেনে, দেৱেন্দ্ৰ, নাগেন্দ্ৰ, মনুজেন্দ্ৰ ইত্যাদি। প্ৰথমতে ইন্দ্ৰৰ নাম আছিল শত্ৰু। ইয়াৰ পিচতো এই পৰম্পৰা ভালেমান দিনলৈ চলি আছিল চাগৈ। নহুষক ইন্দ্ৰ কৰাৰ কাহিনী পুৰাণত পোৱা যায়। ঋগ্বেদতত এই বুলি উল্লেখ কৰা হৈছে: ‘অহং সপ্তহা নহুষো নহুষ্টৰঃ।১১ এই কাহিনীত নিশ্চয় কিবা তথ্য। নিহিত আছে।

 ইন্দ্ৰপূজা— বেবিলনীয়াত সাৰ্ব্বভৌম ৰজাসকলক যজ্ঞলৈ মাতি নি তেওঁলোকক সোমৰস দিয়াৰ বিধি প্ৰচলিত আছিল। সেই উপলক্ষে তেওঁৰ স্তুতিস্তোত্ৰও গোৱা হৈছিল। ইন্দ্ৰৰ অধিকখিনি সূক্তও এনেধৰণৰ। ইন্দ্ৰৰ সংস্থা (বা সংস্থান) নষ্ট হৈ যোৱাৰ পিচতো সেই স্তোত্ৰ আগৰ নিচিনাই থাকিল আৰু তাৰ নানা প্ৰকাৰৰ ওলোটা ওলোটি অৰ্থ কৰা হল। ইন্দ্ৰ আকাশৰ দেৱতাসকলৰ ৰজা, এই কল্পনা স্থায়ী হৈ গল আৰু


  ১০. বিশেষ বিৱৰণৰ বাবে চাওক— ‘ভাৰতীয় সংস্কৃতি আণি অহিংসা’, পৃঃ ১৭-১৯
  ১১. ৭০।৪৯।৮