পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আৰ্য্য সকলর জয়
 

এই ৰীতি ভঙ্গ কৰি দিয়ে। তেওঁলোকে তাৰ ঠাইত মণ্ডপত যাগ-যজ্ঞ পতাৰ প্ৰথা প্ৰৱৰ্ত্তন কৰে। কালক্ৰমত আৰ্য্যৰ বংশজসকলে তম্বু এৰি ঘৰ সাজি থাকিবলৈ ললে, কিন্তু যজ্ঞৰ বাবে হলে মণ্ডপ সজাৰ প্ৰথা আজিকোপতি ৰৈ গল।

 দাসসকলৰ পৰাজয় হল কিয়?— এনে যাযাবৰ আৰ্য্যহঁতে দাসসকলৰ নিচিনা উন্নত লোক সকলক কিদৰে হৰুৱাব পাৰিলে? ইয়াৰ উত্তৰ বুৰঞ্জীয়ে— বিশেষকৈ ভাৰতৰ বুৰঞ্জীয়ে— বাৰে বাৰে দি আহিছে। কোনো এটা ৰাজ-সত্তাৰ অধীনত প্ৰথমতে মানুহ যিমানেই সুখী আৰু সমৃদ্ধ নহওক লাগিলে, পিচত গৈ সেই সত্তা তেনেই এটা সীমাবদ্ধ শ্ৰেণীৰ হাতৰ মুঠিত কেন্দ্ৰীভূত হৈ পৰে। অকল সেই শ্ৰেণীযেহে সুখ শান্তিত থাকে, তেতিয়া বাকী সদস্যসকলে সত্তা দখলৰ বাবে নিজৰ ভিতৰতে যুঁজ-বাগৰ কৰিবলৈ ধৰে। ইফালে তাৰ ফলত ৰাইজৰ ওপৰত কৰৰ বোজা বাঢ়ি যায় আৰু ৰাইজ ক্ৰমে ৰাজ-ক্ষমতা চলাওঁতাসকলৰ প্ৰতি বিৰূপ হৈ পৰে। তেনে অৱস্থাত অনুন্নত মানুহৰ কাৰণে সুন্দৰ সুযোগ ওলাই পৰে। তেওঁলোকে নিজৰ ভিতৰত একতা স্থাপন কৰি লয় আৰু ৰাজ-সত্তাৰ ওপৰত আক্ৰমণ চলাই তাক ছেদেলি ভেদেলি কৰি দিয়ে। খৃষ্টীয় ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে জঙ্গলী মোগলহঁতক সংগঠন কৰি লৈ চেঙ্গিজ খাই কত সাম্ৰাজ্যকে থান-বান কৰি দিছিল! এতেকে নিজৰ ভিতৰতে যুঁজ-বাগৰ কৰি থকা দাস- সকলক আৰ্য্যহঁতে অনায়াসতে জয় কৰি লোৱাত আচৰিত হবলগীয়া কোনো কথা নাই।

 

 নগৰ ভাঙোতা ইন্দ্ৰ— দাসসকলে সৰু সৰু নগৰ পাতি বাস কৰিছিল আৰু এই নগৰবোৰৰ মাজত নিজৰ ভিতৰত যুঁজ-বাগৰ লাগিছিল বুলিও অনুমান হয়। এই দাসসকলৰে ‘দিৱোদাস’ নামৰ