সমললৈ যাওক

পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভগৱান বুদ্ধ
 

যায় যে খৃষ্ট পূৰ্ব্ব সোতৰশ বছৰৰ আগতে সপ্তসিন্ধুৰ ওপৰত আৰ্য্য সকলৰ আক্ৰমণ হোৱা নাছিল।

 

 দাস— আৰ্য্যসকল অহাৰ আগতে সপ্তসিন্ধু অঞ্চলত (সিন্ধু আৰু পঞ্জাব) দাস সকলৰ ৰাজ্য আছিল। আজি-কালি ‘দাস’ শব্দৰ অৰ্থ ‘গোলাম’ত পৰিণত হৈছে; কিন্তু বেদত ‘দাস’ আৰু ‘দাশ’ দুয়োটা ধাতুৰে প্ৰয়োগ ‘দিয়া’ অৰ্থত কৰা হৈছে আৰু আধুনিক শব্দকোষতো এই অৰ্থ দিয়া হৈছে। গতিকে ‘দাস’ শব্দৰ মূল অৰ্থ ‘দাতা’, উদাৰ (noble) হোৱা উচিত। আৱেস্তাৰ ফৱ দীন য়স্তত এই দাস দেশৰ পিতৃসকলক পূজা দিয়া হৈছে। তাত এই দেশক ‘দাহি’ কোৱা হৈছে।

  পুৰণি পাৰ্ছিয়ান (ফাৰচী) ভাষাত সংস্কৃতৰ ‘স’ৰ উচ্চাৰণ ‘হ’ হৈছিল। উদাহৰণ স্বৰূপে, ‘সপ্তসিন্ধু’ক ‘আৱেন্তা’ত ‘হপ্তহিন্দু’ কোৱা হৈছে। সেইদৰে ‘দাসী’ বা ‘দাস’ শব্দ ‘দাহি’লৈ ৰূপান্তৰিত হৈছে।

 আৰ্য্য— আৰ্য্য শব্দ ‘ঋ’ ধাতুৰ পৰা ওলাইছে আৰু পৃথক পৃথক গণত যি ‘ঋ’ ধাতু পোৱা যায় সি প্ৰায়ে গত্যৰ্থক। গতিকে আৰ্য্য শব্দৰ অৰ্থ হয় ঘূৰি-ফুৰা লোক বা যাযাবৰ। এনে অনুমান হয় যে আৰ্য্যসকলে ঘৰ-বাৰী পাতি বসতি কৰাটো ভাল নাপাইছিল। মোগলহঁতে যিদৰে তম্বু তৰি বাস কৰিছিল, আৰ্য্যসকলেও বোধ হয় তেনেকৈয়ে তম্বু নাইবা মণ্ডপত বাস কৰিছিল। এটা কথাত তেওঁলোকৰ সেই ৰীতি এতিয়াও চলি আছে। বেবিলনীয়াত যাগ-যজ্ঞ পতা হৈছিল ডাঙৰ ডাঙৰ মন্দিৰৰ ভিতৰত। হড়প্পা আৰু মোহনজোদড়োত যি পুৰণি নগৰৰ ধ্বংসাৱশেষ পোৱা গৈছে, তাৰ পৰাও পণ্ডিতসকলে— দাহিসকলে মন্দিৰৰ ভিতৰতে যাগ-যজ্ঞ পাতিছিল বুলি অনুমান কৰে। আৰ্য্যসকলে


  ৯. We worship the Fravashis of the holy men in the Dahi countries.