প্ৰৱেশ-বিধি বা প্ৰব্ৰজ্যা
৫৫-৬০ (২৬৬) প্ৰথম সাতজন ভিক্ষুক ভগৱান বুদ্ধই নিজেই দীক্ষা দিছিল। সেই সময়ত ‘এহি ভিক্ষু’ বাক্যৰ দ্বাৰা প্ৰব্ৰজ্যা-বিধি হৈ গৈছিল। পিচত যেতিয়া ভিক্ষুসকলৰ সংখ্যা বাঢ়িবলৈ ধৰিলে, তেতিয়া ভগৱানে পুৰণি ভিক্ষুসকলকে নতুন উমৈদাৰসকলক প্ৰব্ৰজ্যা দিবলৈ অনুমতি দিলে। তাৰ বিধি এনে ধৰণৰ আছিল-এনে ধৰণৰ উমৈদাৰে প্ৰথমতে মূৰ খুৰাই লৈছিল, তাৰ পিচত ঠুটুৰীত ভিৰ দি হাত জোৰ কৰি তিনি বাৰ উচ্চাৰণ কৰিছিল- 'বুদ্ধং সৰণং গচ্ছামি'। (সংঘত সংস্থাপক হিচাপে ) (মই বুদ্ধৰ শৰণ লওঁ)। ধম্মং সৰণং গচ্ছামি। (মই ধৰ্ম্মৰ শৰণ লওঁ)। সংঘং সৰণং গচ্ছামি (মই সংঘৰ শৰণ লওঁ)।
তাৰ পিচত ভোজন বা আন আন হীন লোভৰ বশৱৰ্ত্তী হৈ মানুহ সংঘত ভৰ্ত্তি হবলৈ ধৰাত তাৰ কাৰণে নতুন নতুন নিয়ম কৰিবলগীয়া হল। সেইমতে কোনো উমৈদাৰে প্ৰথমতে কোনো ভিক্ষুক নিজৰ উপাধ্যায় কৰি লব লাগে, তাৰ পিচত তেওঁক অনেকবাৰ উপদেশ দিয়া হয়, তাৰ পিচত চোৱা হয় যে তেওঁৰ কোনো কুষ্ঠ, গণ্ড, কিলাস, ক্ষয়, অপস্মাৰ, নপুংসকত্ব আদি ৰোগ আছে নে নাই। ভিক্ষু হবলৈ ইচ্ছা কৰা মানুহ স্বতন্ত্ৰ, নিধৰুৱা আৰু চাবালক হব লাগে। তেওঁ মাক-বাপেকৰ অনুমতি পাব লাগে আৰু ৰজাৰ সৈনিক হব নালাগে। ইত্যাদি। তাৰ কাৰণে ভালেমান কঠোৰ নিয়ম বান্ধি দিয়া হৈছে।
সমাধি মাৰ্গ
৬৮-৬৯ (৯৪) অভিধৰ্ম্মৰ মতে মৈত্ৰী, কৰুণা আৰু মুদিতা এই তিনিটা ভাৱনাৰ কাৰণে প্ৰথমতে তিনিটা ধ্যানহে সাধ্য আৰু উপেক্ষা ভাৱনাৰ কাৰণে মাথোন চতুৰ্থ ধ্যানহে পোৱা যায়। বুদ্ধ-ঘোষাচাৰ্য্যই এই কথা স্বীকাৰ কৰে। তেওঁৰ মতে প্ৰথম তিনিটা ভাৱনাৰ কোনো এটাৰ