পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৪০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিশিষ্ট ৪
৩৬৫
 

 পৃথী, অপ্, তেজ আৰু বায়ু এই চাৰিটা মহাভূত আৰু তাৰ পৰা উৎপন্ন পদাৰ্থক ৰূপস্কন্ধ কোৱা হয।

 সুখকাৰক বেদনা, দুঃখকাৰক বেদনা আৰু অপেক্ষা বেদনা, এই তিনি প্ৰকাৰৰ বেদনাক বেদনাস্কন্ধ বোলা হয়।

 ঘৰ, গছ, গাওঁ আদি বিষয়ৰ কল্পনাক সংস্কন্ধ বোলা হয়।

 সংস্কাৰ বা মানসিক সংস্কাৰ, ইয়াৰ তিনিটা প্ৰকাৰ আছে-কুশল, অকুশল আৰু অব্যাকৃত; অৰ্থাৎ যি কুশলো নহয়, অকুশলো নহয় যেনেকৈ কোনো পদাৰ্থত ৰুচি হয়, কোনোত আকৌ নহয়। বিজ্ঞানৰ অৰ্থ হল জনা। বিজ্ঞান ছবিধ-চক্ষু বিজ্ঞান, শ্ৰোত বিজ্ঞান, ঘ্ৰাণ বিজ্ঞান, জিহ্বা বিজ্ঞান, কাৰ্য্য় বিজ্ঞান আৰু মনোবিজ্ঞান। এই ছবিধ বিজ্ঞানৰ সমূহক বিজ্ঞান-স্কন্ধ বোলা হয়।

 এই পাঁচোটা স্কন্ধ বাসনাযুক্ত হলে তাক উপাদান-স্কন্ধ বোলা হয়। তাৰ ফলতে পুনৰ্জন্ম হয়। এই জম্মত কুশল অকুশল কৰ্ম্ম কৰাৰ ফলত ভৱিষ্যৎ জন্মত পাঁচোটা উপাদান স্কন্ধৰ সৃষ্টি হয়। যেতিয়া বাসনাৰ সমূলে উচ্ছেদ হয় তেতিয়া এই স্কন্ধ কেইটাক উপাদান-স্কন্ধ নুবুলি মাথোন স্কন্ধ বোলা হয়; কিযনো তাৰ পৰা পুনৰ্জন্মৰ সম্ভাৱনা নাথাকে। অৰ্হৎপদ প্ৰাপ্তিৰ পিচত বাসনাৰ সমূলে উচ্ছেদ হয়। অৰ্ৎহপদ পোৱা ব্যক্তিৰ মৃত্যুলৈকে পঞ্চস্কন্ধ থাকে। কিন্তু অৰ্হৎপদ প্ৰাপ্তিৰ লগে লগে অকুশল সংস্কাৰ নষ্ট হৈ যায়। মৃত্যুৰ সময়ত অৰ্হৎসকলৰ পঞ্চস্কন্ধৰ নিৰ্ব্বাণত বিলয় হয়। অৰ্থাৎ তাৰ পিচত নতুন পঞ্চস্কন্ধৰ উদয় নহয়।

 ৯৪-৯৯ (১৩৮) ইষাত চাৰিটা আৰ্য্য সত্য সম্বন্ধে বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে।