পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৪০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিশিষ্ট ৪
৩৬৭

দ্বাৰা প্ৰথম তিনিটা ধ্যান আয়ত্ব কৰি লোৱাৰ পিচত উপেক্ষা ভাৱনাৰ আৰম্ভ কৰিব লগীয়া হয়। আৰু সেই কাৰণে মাথোন চতুৰ্থ ধ্যানহে পোৱা যায়।

 উল্লিখিত সুত্তৰ পৰা স্পষ্টভাৱে জনা যায় যে মৈত্ৰী ভাৱনাৰ লগত উপেক্ষা আৰু উপেক্ষা ভাৱনাৰ প্ৰীতি থাকিব পাৰে।

পাঁচ নীৱৰণ

৩১-৩৫ (১৪) (১) কামচ্ছন্দ (কাম বিকাৰ)
 (২) ব্যাপাদ (ক্ৰোধ)
 (৩) থিনসিদ্ধ (আলস্য)
 (৪) উদ্ধেচ্চ (ভ্ৰান্ততা)
 (৫) ৱিচিকিচ্ছা (সংশয়গ্ৰস্ততা)

 ৩৮-৪৮ (১২১, ৩০৫) আনাপান স্মৃতি ভাৱনা সম্বন্ধে বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে।

অশুভ ভাৱনা

 উদ্ধ মাতক অৰ্থাৎ ফুলি যোৱা মৰা শ, ৱিনীলক অৰ্থাৎ নীল হৈ যোৱ শ, ৰিপুব্বক অৰ্থাৎ যি শত পুজ ভৰি গৈছে, ৱিচ্ছিদ্দক অৰ্থাৎ যি শ কটা হৈছে, ৱিকৃখাতিয়ক অৰ্থাৎ ভিন ভিন প্ৰাণীয়ে কিছু অংশ খাই পেলোৱা শ; ৱিকৃখিত্তক অৰ্থাৎ এনে শ যাৰ অঙ্গ-প্ৰত্যঙ্গ ইফালে সিফালে ছিটিকি পৰি থাকে, হতৱিকৃখিত্তক অৰ্থাৎ যি শৰ অঙ্গপ্ৰত্যঙ্গ প্ৰাণীয়ে বা অস্ত্ৰেৰে ফালি টুকুৰা টুকুৰি কৰি ইফালে সিফালে সিচৰতি হৈ থাকে, লোহিতক অৰ্থাৎ যি শৰ পৰা তেজ ওলাই থাকে, পুলৱক অৰ্থাৎ যি শত পোক লাগে, অঠ্ ঠিক অৰ্থাৎ হাড়ৰ কঙ্কাল বা তাৰ কোনো ভাগ—এই দহ বিধ অশুভ বস্তু। ইয়াৰ ওপৰত ধ্যান কৰাটোৱে অশুভ ভাৱনা। এনে ধৰণৰ কোনো শ দেখা পালে তাক নিজৰ নিচিনা বুলি ভাবি আৰু