ভগৱানে কলে, “এই পাঁচোটা নিয়মৰ দ্বাৰা আধ্যাত্মিক উন্নতিত কিবা সাহায্য হব বুলি মোৰ ধাৰণা নহয, কিন্তু কাৰোবাৰ ইচ্ছা থাকিলে এই নিয়ম পালন কৰি চলিব পাৰে, তাত মোৰ কোনো আপত্তি নাই।”
এই নিয়ম কেইটা সংঘত প্ৰৱৰ্ত্তন কৰিবলৈ ভগৱান সাজু নহয় বুলি দেৱদত্তই চাৰিওপিনে প্ৰচাৰ কৰি কিছুমান ভিক্ষুক নিজৰ ফলীয়া কৰি ললে আৰু তেওঁলোকক লৈ ৰাজগৃহলৈ গুচি গল। তেতিয়া বুদ্ধই সাৰিপুত্ত আৰু মোগ্গল্লানক গযালৈ পঠাই দিলে আৰু তেওঁলোকে গৈ ভিক্ষুসকলক উপদেশ দি ওভোতাই নিলে।
২৭৯-২৮১ (২০৪) এই কাহিনীকে দিয়া হৈছে।
১৬৭-১৭৯ (৩০৪) অনাথপিণ্ডিক আৰু ৱিশাখা মিগাৰ মাতাৰ কাহিনী বিতংভাৱে দিয়া হৈছে।
অনাথপিণ্ডিকে জেত ৰাজকুমাৰৰ উদ্যানখনলৈ ভগৱান বুদ্ধক নিয়াৰ বাবে মাটি ঢাক খুৱাই সোণৰ মুদ্ৰা পাতি দিছিল। তেওঁৰ ইমানেই ভক্তি আছিল। পিচত তেওঁ জেতবন ভিক্ষু-সংঘক দান কৰে।
ৱিশাখা মিগাৰ মাতৰ শহুৰেক নিৰ্গ্ৰন্থৰ উপাসক আছিল কিন্তু তেওঁ ৱিশাখাক বুদ্ধ ভগৱানৰ উপাসনা কৰিবলৈ স্বাধীনতা দিছিল।
শেহত বুদ্ধৰ উপদেশ শুনি তেৱোঁ বুদ্ধৰ উপাসক হৈছিল।
পৰিনিৰ্ব্বাণ
২৯২-৩১২ (৩০৮) ইযাকে বিস্তাৰিত ভাৱে দিয়া হৈছে।
বুদ্ধ ধৰ্ম্ম আণি সংঘ
পঞ্চ স্কন্ধ
৯০-৯১ (১৩২) ৰূপ, বেদনা, সংজ্ঞা, সংস্কাৰ আৰু বিজ্ঞান এই পাঁচোটা পদাৰ্থক পঞ্চ স্কন্ধ বোলা হয়।