বসুবন্ধুৰ মিত্ৰ আছিল পুৰগুপ্ত। তেওঁ বসুবন্ধুৰ হতুৱাই নিজৰ
পুতেক বালাদিত্য আৰু মহাৰাণীক বৌদ্ধ দৰ্শনৰ শিক্ষা দিয়াইছিল।
পিচত বালাদিত্যই যুদ্ধ কৰাৰ ইচ্ছাৰে কোনোবা ব্ৰাহ্মণৰ হতুৱাই
‘ভগবদগীতা'ৰ ৰচনা কৰায কৰায় আৰু পিচত তাকে ‘মহাভাৰত'ৰ অন্তৰ্ভুক্ত কৰা হয়।
১৫ (২৪৬) কিছু বিতং ভাৱে ইয়াৰে বৰ্ণনা কৰা হৈছে।
বুদ্ধলীলা সাৰ সংগ্ৰহ
১৬০-১৬৫ (১৪৫) ইয়াকে বিস্তাৰিত ভাৱে আলোচনা কৰা হৈছে।
১৭৯-১৮৮ (১৬০) ইয়াৰ বিতং বিৱৰণ দিয়া হৈছে।
দেৱদত্ত
১৮৭-১৮৮ (১৬১) যেতিয়া ভগৱান বুদ্ধক বধ কৰাৰ সকলো ষড়যন্ত্ৰ
ব্যৰ্থ হল তেতিয়া দেৱদত্তই সংঘত ভেদ সৃষ্টি কৰাৰ এটা বুধি উলিয়ালে।
তেওঁ নিজৰ লগৰীয়া সমুদ্ৰদত্তৰ লগত ভগৱানৰ ওচৰলৈ গল আৰু তেওঁক
প্ৰণাম কৰি কলে, “ভগৱন্, ভিক্ষুসকলক ঐহিক সুখৰ পৰা অলিপ্ত
ৰাখিবলৈ মই এই পাঁচোটা নিয়ম যুগুত কৰিছোঁ। আপুনি আজ্ঞা
দিযক দিয়ক যাতে সকলো ভিক্ষুৱে এই নিয়ম কেইটা পালন কৰে।
(১) “ভিক্ষু সদায় অৰণ্যতহে থাকিব লাগে। (২) তেওঁলোকে
আজীৱন অকল ভিক্ষাৰ ওপৰতহে নিৰ্ব্বাহ কৰিব লাগে। (৩) আজীবন
তেওঁলোকে বাটত পৰি থকা কটা কাপোৰেৰে চীৱৰ কৰি লব লাগে,
গৃহস্থৰ পৰা কাপোৰ লব নালাগে। (৪) আজীৱন গছৰ তলত থাকিব
লাগে, পজা বা ঘৰত বাস কৰিব নালাগে। (৬) মাছ মাংস গ্ৰহণ
কৰিব নালাগে। এই পাঁচোটা নিয়মৰ অৱহেলা কৰিলে দোষী বুলি
গণ্য কৰিব লাগে।”