পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬০
ভগৱান বুদ্ধ
 

 'তৈত্তিৰীয় সংহিতা'ৰ উল্লেখ হল এনে ধৰণৰ:

 “ৱিশ্বৰূপো ৱৈ ত্বাষ্ট্ৰ: পুৰহিত দেৱানামাসীৎ স্বস্ত্ৰীয়োহসুৰাণাং •••••তম্মাদিন্দ্ৰোহভেদীদৃঙ্ ৱৈ ৰাষ্ট্ৰ ৱি পৰাৱৰ্ষতীতি তস্য ৱজ্ৰমাদায় শীৰ্যাণ্যচ্ছিনৎ••••••তং ভূতান্যভ্য ক্ৰোশ ব্ৰহ্মহন্নিতি।”

 “অৰ্থাৎ বিশ্বৰূপ নামৰ তৃষ্টাৰ পুতেক আৰু অসুৰহঁতৰ ভাগিনীয়েক দেৱসকলৰ পুৰোহিত আছিল••••••তেওঁ বিদ্ৰোহ কৰিব বুলি ভয় কৰি ইন্দ্ৰই তেওঁৰ মূৰ কাটি পেলালে••••••তেতিয়া মানুহে ‘ব্ৰহ্মহা’ বুলি কৈ ইন্দ্ৰৰ নিন্দা কৰিবলৈ ধৰিলে। (তৈ. স. কাণ্ড ২|৫|১)।

 ২২-২৫ (১১) 'ঋগ্বেদ’ৰ ঋচাবোৰত (৮|১৬|১৩-১৫) কোৱা হৈছে যে ইন্দ্ৰই বৃহস্পতিৰ সাহায্য লৈ শ্ৰীকৃষ্ণৰ সেনাৰ সন্মুখীন হৈছিল আৰু তেওঁক পৰাস্ত কৰিছিল। ইন্দ্ৰই কৃষ্ণৰ গৰ্ভৱতী তিৰোতাকো বধ কৰিছিল। (যঃ কৃষ্ণ গৰ্ভা নিৰহণ ঋ ১|১০১|১১)। আন হাতে আকৌ ভাগৱতৰ দশম স্কন্ধত কোৱা হৈছে যে শ্ৰীকৃষ্ণই গোৱৰ্দ্ধন পৰ্ব্বত তুলি লৈ ইন্দ্ৰৰ বৰষুণৰপৰা গোকুল ৰক্ষা কৰিছিল।

 ৩৭-৩৮ (১২) পৰীক্ষিত ৰজা সম্বন্ধে অথৰ্ব্ব বেদত এনে দৰে বৰ্ণনা কৰা হৈছে:

ৰাজ্ঞো বিশ্বজনীনস্য যো দেৱো মৰ্ত্যাং অতি।
ৱৈশ্বানৰস্য সুষ্টুতিমা সুনোতা পৰিক্ষিতঃ॥৭॥
পৰিচ্ছন্নঃ ক্ষেমমকৰোত্তম আসনমাচৰন।
কুলাযন্ কৃণ্বন্ কৌৰৱ্যঃ পতিৰ্ৱদতি জায়য়া॥৮॥
কতৰত্তে আহৰাণি দধিমস্থাং পৰিশ্ৰুতম্।
জায়াঃ পতিং ৱিপৃচ্ছতি ৰাষ্ট্ৰে ৰাজ্ঞঃ পৰিক্ষিতঃ॥৯॥
অভীৱস্বঃ প্ৰজিহীতে যৱঃ পখোঃ পথো বিলম্।
জনঃ স ভদ্ৰমেধতি ৰাষ্ট্ৰে ৰাজ্ঞঃ পৰিক্ষিতঃ॥১০॥

অথৰ্ৱ কাণ্ড ২০, সূত্ৰ ১২৭।