পৰিৱাসৰ ৰাতিৰ সমানে আৰু ছ ৰাতি (অন্ততঃ অৰুণোদয়ৰ সময়খিনি)
বিহাৰৰ বাহিৰত কটাব লাগে।
২৫৩-২৫৬ (২৬২) ‘শ্বপাকে’ নিজৰ বিষয়ে লিখা গাথাবোৰ ইয়াত
বিস্তাৰিত ভাৱে দিয়া হৈছে।
১৭-১৯ (২৬৬) 'ভিক্ষুৰ প্ৰব্ৰজ্যা’ৰ বিধি বিতং ভাৱে দিয়া হৈছে।
বৰ্ষা-বাস (চাতুৰ্মাস্য)
২৪ (৩০৩) বাৰিষাৰ সময়ত ভিক্ষুসকলে ইফালে সিফালে ঘূৰি
ফুৰোঁতে সেউজীয়া ঘাঁহ মহতিয়াই ফুৰিছিল। তাৰ ফলত সৰু সৰু
কীট-পতঙ্গবোৰৰ প্ৰাণ নাশ হৈছিল; তাৰ বাবে মানুহ তেওঁলোকৰ
আলোচনা সমালোচনা কৰিছিল। গতিকে ভগৱানে এই বুলি নিয়ম
বান্ধি দিলে যে আহাৰ মাহৰ পূৰ্ণিমাৰ দিন প্ৰথম বৰ্ষা-বাস আৰম্ভ কৰিব
লাগে। বৰ্ষা-বাস আৰম্ভ হলে ভিক্ষুসকল তিনি মাহলৈকে একে ঠাইতে
থাকিব লাগে।
৩৪ (৩০৬) তেতিয়া ভগৱানৰ শৰীৰ ৰোগগ্ৰস্ত হৈছিল। জীৱকে
এই কথা জানিব পাৰি তেওঁক বিৰেচন (ভেদৰ ঔষধ ) দি সুস্থ কৰিলে
আৰু প্ৰদ্যোতে পঠোৱা কাপোৰ জোৰ ভগৱানকে সমৰ্পণ কৰিলে।
হিন্দী সংস্কৃতি আণি অহিংসা
১৭-১৯ (৬) ইন্দ্ৰ আৰু দাস সকলৰ সম্পৰ্কে কিছু বিতং আলোচনা
কৰা হৈছে।
১৯-২০ (৮) 'ঋগ্বেদ'ৰ উল্লেখ এনে ধৰণৰ :
ত্বাষ্ট্ৰস্য চিদ্বিশ্বৰূপস্য গোনামা চক্ৰাণস্ত্ৰীণি শীৰ্ষা পৰা ৱৰ্ক (ঋগ্বেদ,
১০-৮-৮৯)।