অৰ্থাৎ “সকলো মানুহৰ ভিতৰত সৰ্ব্বশ্ৰেষ্ঠ সাৰ্ব্বভৌম ৱৈশ্বানৰ পৰীক্ষিত ৰজাৰ উত্তম স্তুতি মন দি শুনা।৭ পতিযে পত্নীৰ আগত কয় যে যেতিয়া এই কৌৰৱ ৰজা সিংহাসনত বহিল তেতিয়া তেওঁ অন্ধকাৰক বন্দী কৰি থৈ মানুহৰ ঘৰ ভালদৰে ৰক্ষা কৰিলে।৮ পৰীক্ষিত ৰজাৰ ৰাষ্ট্ৰত পত্নীয়ে পতিক সোধে, তোমাৰ কাৰণে দৈ আনো নে মাখন আনো?৯ পৰীক্ষিত ৰজাৰ ৰাজ্যত আলিবাটৰ দাঁতিত ভালেমান যৱ পৰি থাকে। (এইদৰে) পৰীক্ষিতৰ ৰাজ্যত মানুহৰ সুখ সমৃদ্ধি বাঢিছিল।১০
ব্ৰাহ্মণ ধম্মিক সুত্ত
২৯-৪০ (১২) এবাৰ ভগৱান বুদ্ধ শ্ৰাৱন্তীত আছিল। সেই সময়ত
কোসল দেশৰ কিছুমান বয়োবৃদ্ধ ব্ৰাহ্মণ তেওঁৰ ওচৰলৈ গল আৰু
তেওঁলোকে সুধিলে, “আজিকালি জানো ব্ৰাহ্মণে প্ৰাচীন ব্ৰাহ্মণ-ধৰ্ম্মৰ
অনুসৰণ কৰি চলিছে?” তেতিয়া ভগৱানে কলে, “নাই কৰা”।
গতিকে তেওঁলোকে প্ৰাচীন ব্ৰাহ্মণ কথা কবলৈ ভগৱানক অনুৰোধ
জনালে।
তেতিয়া ভগৱানে কলে,
“প্ৰাচীন ঋষিসকল সংযমশীল আৰু তপস্বী আছিল। বিলাসৰ
পদাৰ্থ ত্যাগ কৰি তেওঁলোকে আত্মচিন্তন কৰিছিল। সেই ব্ৰাহ্মণসকলৰ
পশু বা ধন-ধান্য নাথাকিছিল। স্বাধ্যায়েই আছিল তেওঁলোকৰ ধন-
ধান্য আৰু ব্ৰহ্মৰূপী সম্পত্তিৰেই তেওঁলোকে পালন পোষণ কৰিছিল—
সেই ব্ৰাহ্মণসকল একপত্নীব্ৰত আছিল। তেওঁলোকে তিৰোতাৰ ক্ৰয়
নকৰিছিল। যি তিৰোতাৰ লগত প্ৰকৃততে প্ৰেম আছিল তেনে
তিৰোতাকহে তেওঁলোকে বিয়া কৰাইছিল। তেওঁলোক ঋতু-
কালাতিগামী আছিল।