পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিশিষ্ট ৪
৩৫৫
 

কথা জানিব পাৰি মাঙ্গদিয়াৰ সকলো ইষ্ট-কুতুম্বক গোট খুৱাই ললে আৰু মাঙ্গদিয়াৰ আগতে আটাইকে মৰাই পেলালে আৰু শেহত মাঙ্গদিয়াকো বধ কৰালে।
 ১৬৫-১৬৮ (৩৪) 'মহাকাত্যায়ন’—এই ঘটনাৰ বিতং বিৱৰণ আছে।
 ৩০-৩১ (৩৪) সোণে ভগৱান বুদ্ধক নমস্কাৰ কৰি কাত্যায়নৰ প্ৰাৰ্থনা উত্থাপন কৰিলে। তেতিয়া ভিক্ষুসকলক গোট খুৱাই লৈ ভগৱানে কলে, “আজিৰ পৰা মই আটাইবোৰ প্ৰত্যন্ত জনপদতে পাঁচজন ভিক্ষুৰ সমুদায়ক (তাত এজন ৱিনয়ধৰো থকা উচিত) উপসম্পদা দিবলৈ অনুজ্ঞা দিলোঁ‌। প্ৰত্যন্ত জনপদ হল এইবোৰ—পূব পিনৰ কজঙ্গল নামৰ নগৰ, তাৰ পিচত মহাশাল; আৰু তাৰ পিচত প্ৰত্যন্ত জনপদ। দক্ষিণ পিনে শ্বেতকৰ্ণিক নামৰ নগৰ আৰু তাৰ পিচত প্ৰত্যন্ত জনপদ। পশ্চিম পিনে স্থূল (থুণ) নামৰ ব্ৰাহ্মণ-গ্ৰাম আৰু তাৰ পিচত প্ৰত্যন্ত জনপদ। উত্তৰ পিনে উশীৰধ্বজ নামৰ পৰ্ব্বত আৰু তাৰ পিচত প্ৰত্যন্ত জনপদ।'
 ২০৩ (৩৮) মহাকপ্পিন’--এই ঘটনাৰ বৰ্ণনা আছে।

ভদ্দা কুণ্ডলকেসা

 ২১৪-২১৭ (৭১) ভদ্দাৰ জন্ম হৈছিল ৰাজগৃহৰ শ্ৰেষ্ঠিকুলত। ৰাজ- পুৰোহিতৰ লৰা শত্ৰুক নামৰ চোৰক চুৰিৰ অপৰাধত ধৰি ফাঁ‌চি দিবলৈ নগৰৰ বাহিৰলৈ নিবলৈ ধৰোঁ‌তে ভদ্দা তেওঁৰ ওপৰত বৰ আসক্ত হল আৰু চাওদাঙক এহেজাৰ কাৰ্ষাপণ দি শত্ৰুকক মুক্ত কৰালে। কিন্তু শত্ৰুকৰ মন চুৰিৰ পৰা আঁতৰি নগল। তেতিয়া ভদ্দাই তেওঁক লৈ দূৰৰ এখন পাহাৰৰ ওপৰলৈ গল। ভদ্দাই তেওঁক যথেষ্ট বঢ়াই বুজাই চালে, কিন্তু তেওঁ হলে নামানিলে। শেহত ভদ্দাই তেওঁক আলিঙ্গন কৰাৰ ছল কৰি পাহাৰৰ ওপৰৰ পৰা থেলা মাৰি তললৈ পেলাই দিলে। তেতিয়া বনদেৱী সকলে কলে—