‘নসো সব্বেসু ঠানেসু পুৰিসো হোতি পণ্ডিতো।
ইৎথী পি পণ্ডিতা হোতি, তৎথ তৎথ ৱিচকখণা॥
অৰ্থাৎ “সকলো ঠাইতে পুৰুষ সকল যে বুধিয়ক হয, তেনে কথা
নহয়। কেতিয়াবা বিচক্ষণ তিৰোতায়ো নিজৰ বুধি দেখুৱায়।'
ইয়াৰ পিচত ভদ্দা নিৰ্গন্থসকলৰ আশ্ৰমলৈ গল আৰু নিজৰ চুলি উঘালি
পেলালে। আকৌ নতুনকৈ গজা চুলি কুণ্ডলাকাৰ হৈ গ'ল। সেই কাৰণে
তেওঁক মানুহে ‘কুণ্ডলকেসা’ বুলিবলৈ ধৰিলে, তাৰ পিচত সাৰিপুত্তই
বাদ-বিবাদত ভদ্দাক হৰুৱাই দিলত তেওঁ বৌদ্ধ ভিক্ষুণী হল।
২৫৪ (৭৮) ইয়াৰে বিস্তৃত বৰ্ণনা আছে।
সুজাতা সেনানী দুহিতা
২৩৬ (১২৬) পোন পহিলতে শৰণলোৱা উপসিকাবোৰৰ ভিতৰত সুজাতা সেনানী দুহিতা প্ৰথম আছিল। উৰুৱেলা অঞ্চলৰ সেনানীৰ ঘৰত তেওঁৰ জন্ম হৈছিল। তেওঁৰ গাভৰু অৱস্থাতে এজোপা বটগছত থকা দেৱতাৰ আগত তেওঁ কৈছিল যে যদিহে তেওঁ ভাল বৰ পায় আৰু প্ৰথমতে তেওঁৰ লৰা হয় তেন্তে তেওঁ সেই দেৱতাক প্ৰতি বছৰে উচিত উপহাৰ দিব। তাৰ পিচত তেওঁ আগৰ অঙ্গীকাৰ ৰাখিবলৈ অকল গাখীৰেৰে পায়স ৰান্ধিলে আৰু সেই বটগছৰ তলৰ ঠাইখিনি পৰিষ্কাৰ কৰিবলৈ দাসীক পঠাই দিলে। সেইদিনা বোধিসত্ত্ব গৌতম সেই গছ- জোপাৰ তলত বহি আছিল। তেওঁক দেখি দাসীয়ে ভাবিলে যে সুজাতাৰ উপহাৰ গ্ৰহণ কৰিবলৈ স্বয়ং বৃক্ষ দেৱতাই অৱতাৰ ধাৰণ কৰিছে। দাসীয়ে লৰি গৈ নিজৰ গৰাকিনীক কথাটো জনালেগৈ। তেতিয়া সুজাতাই দাসীৰে সৈতে পায়স লৈ তাত উপস্থিত হৈ জানিব পাৰিলে যে গছৰ তলত দেৱতা নহয়, পৰম তপস্বী বোধিসত্ত্বহে বিৰাজমান। তেওঁ অতি ভক্তিভাৱেৰে গাৰীৰৰ পায়খিনি বোধিসত্ত্বক