১৬
পৰিশিষ্ট ৪
সন্দৰ্ভ-বিৱৰণ
(এই পৰিশিষ্টত মূল পুথিত শ্ৰীধৰ্ম্মানন্দ কোসম্বীৰ আন আন যি
গ্ৰন্থৰ পৰা সন্দৰ্ভ দিয়া হৈছে, তাৰ সম্পূৰ্ণ বিৱৰণ দিয়া হল। বাও-
পিনে দিয়া ওপৰৰ শাৰীৰ পৃষ্ঠা সংখ্যা হল নিৰ্দিষ্ট মূল পুথিৰ আৰু
বন্ধনীত দিয়া পৃষ্ঠা সংখ্যা হল ‘ভগৱান বুদ্ধ’ৰ বৰ্ত্তমান এই সংস্কৰণৰ।)
বৌদ্ধ সংঘাচা পৰিচয়
‘খুজ্জুত্তৰা আৰু সামাৱতী’
২৩৭-২৪৫ (৩০) ভগৱান বুদ্ধক বিবাহযোগ্য বৰ বুলি ভাবি
অজ্ঞতাবশতঃ মাঙ্গদিয় নামক এজন ব্ৰাহ্মণে তেওঁৰ মাঙ্গদিয়া নামৰ
ছোৱালীজনীক ভগৱানৰ ওচৰলে লৈ গল। তেওঁৰ কথা শুনি ভগৱানে
কলে, “হে ব্ৰাহ্মণ, তৃষ্ণা, অসন্তোষ আৰু কাম-বিকাৰ দেখা পাই
তিৰোতাৰ সঙ্গত মই সুখ অনুভৱ নকৰোঁ। মই জানো যে এই অমেধ্য
পদাৰ্থেৰে ভৰি থকা শৰীৰ ভৰিৰে স্পৰ্শ কৰাৰো যোগ্য নহয়।”
ভগৱানৰ কথাত মাঙ্গদিয়াৰ বৰ খং উঠিল আৰু তেওঁৰ শত্ৰু হৈ
পৰিল। পিচলৈ গৈ তেওঁৰ সৌন্দৰ্য্যত মুগ্ধ হৈ উদয়ন ৰজাই তেওঁক বিয়া
কৰালে। উদয়ন ৰজাৰ আন এগৰাকী ৰাণী সামাৱতী আৰু তেওঁৰ
লিগিৰী খুজ্জুত্তৰা ভগৱান বুদ্ধৰ উপাসিকা আছিল। গতিকে মাঙ্গদিয়াই
ৰজাক নানা কথা কৈ তেওঁৰ বিৰুদ্ধে তুলিবলৈ অতিশয় চেষ্টা কৰিলে
কিন্তু তেওঁৰ অসীম মৈত্ৰী ভাৱৰ কাৰণে ৰজাৰ হৃদয়ৰ পৰিবৰ্ত্তন হল।
শেহত মাঙ্গদিয়াই সামাৱতীৰ মহলত জুই লগাই দিলে। ফলত
সামাৱতী আৰু তেওঁৰ সখীয়েকসকল পুৰি মৰিল। উদয়ন ৰজাই সেই