সমললৈ যাওক

পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৬
ভগৱান বুদ্ধ
 

স্থলত জুৰিবোৰ অতিপাত মুখৰ আৰু চঞ্চল হয়। কিন্তু ডাঙৰ নৈ ধীৰে ধীৰে বয়।২২

 যি ফোপোলা সি শব্দ কৰে, কিন্তু যি গম্ভীৰ সি ধীৰ হয়। মুৰ্খ লোকে আধাভৰা কলহৰ নিচিনাকৈ ভক-ভকায় কিন্তু জ্ঞানী লোক জল-হ্ৰদৰ নিচিনা শান্ত হয হয়।২৩

 শ্ৰমণ (বুদ্ধই) বহুত কথা কয়, তেন্তে উচিত আৰু উপযুক্ত বুলি জানিহে ধৰ্ম্মোপদেশ দিয়ে আৰু জানিয়ে বহুত কথা কয়।২৪

 কিন্তু যি সংযতাত্মাই জানিও অধিক কথা নকয়, তেনে মুনি মৌনৰ উপযুক্ত, তেনে মুনিয়ে মৌন জানি লৈছে।২৫

 উপতিসপসিনে-ইয়াক ‘সুত্তনিপাতত' 'সাৰিপুত্ত সুত্ত’ বুলি জনা যায়। ‘অট্‌ঠকথা’ত ইয়াক ‘থেৰপঞ্‌হ’ও বোলা হৈছে। ইয়াৰ পৰা অনুমান হয যে ইয়াক বোধহয় ‘সাৰিপুত্তপঞ্‌হ’ বা ‘উপতিস্‌স- পঞ্‌হ’ও বোলা হৈছিল। ইয়াৰ ভাঙনি হল এই—

 আয়ুষ্মান সাৰিপুত্তই কলে, “এনে মধুৰ ভাষী, সন্তুষ্ট[৫] আৰু সংঘৰ নেতা শান্তা মই আগতে দেখাও নাই, শুনাও নাই।১

 সকলো তম নাশ কৰি শ্ৰমণ ধৰ্ম্মত ৰত হৈ থকা এই সদেৱক জগতৰ একেজনেই চক্ষুষ্মান যেন দেখা যায়।২

 মই অনেক বুদ্ধ মনুষ্যৰ হিতেচ্ছাৰে সেই বুদ্ধ পদ প্ৰাপ্তি কৰা, অনাশ্ৰিত আৰু অদামিক সংঘ-নায়কৰ ওচৰলৈ প্ৰশ্ন সোধাৰ বাবে আহিছোঁ।৩

 সংসাৰত বিৰক্ত হৈ গছৰ তলত, শ্মশানত বা পৰ্ব্বতৰ গুহাত একান্তবাস কৰা ভিক্ষুৰ কাৰণে।৪


(৫) সন্তষ্ট শব্দৰ মূল শব্দ হল 'তুসিতো'। কিন্তু অট্‌ঠকথা'ত হলে 'তুসিতো' শব্দৰ অৰ্থ দিয়া হৈছে-“তুষিত দেৱলোকৰ পৰা ইহলোকলৈ আহোতা।'