তেনে ভাল বেয়া ঠাইত কি ভয হব পাৰে? সেই নিঃশব্দ অঞ্চলত ভিক্ষুৱে কি ধৰণৰ ভয়ত ভয় খাব নালাগে?৫
অমৃত দিশালৈ যাবলৈ হলে সুদূৰ প্ৰদেশত নিবাস কৰা ভিক্ষুৱে কি কি বিঘিনি সহ্য কৰিব লাগে?৬
তেনে দৃঢ় নিশ্চয়ী ভিক্ষুৰ বাণী কেনে হোৱা উচিত? তেওঁৰ আগৰ ব্যৱহাৰ কেনে হব লাগে? আৰু তেওঁৰ শীল আৰু ব্ৰত কেনে ধৰণৰ হোৱা উচিত?৭
যিদৰে সোণাৰীয়ে ৰূপ জুইত দি তাৰ ভিতৰত থকা লঘু পদাৰ্থ উলিয়াই লয়, তেনেকৈ সমাহিত, সাৱধান আৰু স্মৃতিমান ভিক্ষুৱে কেনে ধৰণৰ অভ্যাস-ক্ৰম (পাঠ্য-ক্ৰম) গ্ৰহণ কৰা উচিত যাতে তেওঁৰ মালিন্য পুৰি পেলাব পাৰে?৮
ভগৱানে কলে, “হে সাৰিপুত্ত, সংসাৰত বিৰক্ত হৈ একান্ত বাস কৰা সম্বোধিপৰায়ণ ভিক্ষুৰ কৰ্ত্তব্য সম্বন্ধে মোৰ যি ধাৰণা তাক তোমাৰ আগত কওঁ।৯
একান্ত বাস কৰা স্মৃতিমান ভিক্ষুৱে পাঁচোটা ভয়ত ভয় খাব নালাগে। ম’হৰ কামোৰ, সাপ আৰু মানুহে দিয়া কষ্ট আৰু চতুষ্পদী।১০
আৰু পৰধৰ্ম্মীক ভয় কৰিব নালাগে। পৰধৰ্ম্মীসকলৰ অনেক ভীষণ কৃত্য দেখিও বিঘ্নি সহ্য কৰিব লাগে।১১
ৰোগ-ভোকৰপৰা হোৱা কষ্ট, জাৰ আৰু জহ তেওঁ সহ্য কৰা উচিত। এইবোৰ বিঘ্নিৰ পৰা ভালেমান বাধা হোৱা সত্ত্বেও তেওঁ অনাগাৰিক থাকি নিজৰ উৎসাহ আৰু পৰাক্ৰমত সুদৃঢ় হব লাগে।১২
তেওঁ চুৰি কৰিব নালাগে, মিছা কব নালাগে, স্থিৰ চৰ প্ৰাণীসকলৰ প্ৰতি মৈত্ৰী ভাৱ ৰাখিব লাগে আৰু মনৰ কলুষক মাৰ পক্ষীয় বুলি ভাবি দূৰ কৰিব লাগে।১৩