মুনিয়ে গাৱঁৰ পৰিবাৰৰ লগত বৰ বেচি নলে গলে লগা আচৰণ কৰিব নালাগে, ভিক্ষা সম্বন্ধে একো কব নালাগে, কোনো সূচক শব্দৰ প্ৰয়োগ কৰিব নালাগে।১৩ ভিক্ষা পোৱা গলে ভালেই, নাপালেও ভাল কথাই, এই দুয়োটা বিষয়তে সমভাৱ ৰাখে আৰু (নিজে থকা) গছৰ ওচৰলৈ আহে।১৪
হাতত ভিক্ষাপাত্ৰ লৈ ঘূৰি ফুৰোঁতা বোবা নহৈও বোবাৰ নিচিনা হব লাগে আৰু অলপীয়া ভিক্ষা পালে তাৰ তিৰস্কাৰ কৰিব নালাগে বা তাৰ খাদ্যকণক অনাদৰ কৰিব নালাগে।১৫
হীন মাৰ্গ কি আৰু উত্তম মাৰ্গ কি শ্ৰমণে (বুদ্ধই) তাক মুকলিকৈ বুজাই দিছে। সংসাৰৰ সিপাৰলৈ দুবাৰ যাব নোৱাৰি, তথাপি জ্ঞান অকল এক প্ৰকাৰৰ নহয়।১৬
যি ভিক্ষুৰ আসক্তি নহয়, যি সংসাৰ-স্ৰোত ভাঙি দিছে আৰু যি কৃতাকৃত্যৰ পৰা মুক্ত হৈছে, তেওঁৰ পৰিদাহ নাথাকে।১৭
ভগৱানে কলে, “মই তোমাক মৌনেয় বুজাই দিছোঁ। ক্ষুৰ-ধাৰাৰ ওপৰেৰে মৌ চেলেকি খোৱা মানুহৰ নিচিনা সাৱধান হৱা। তালুত লগাই লৈও ভোজনত সংযম ৰাখিব।১৮
সাৱধান চিত্ত হবা, লগতে কিন্তু বৰ বেচি চিন্তাও নকৰিবা। হীন বিচাৰৰ পৰা মুক্ত, অনাশ্ৰিত আৰু ব্ৰহ্ম-পৰায়ণ হবা।১৯
একান্ত বাস আৰু শ্ৰমণ উপাসনাৰ (ধ্যান-চিন্তনৰ) প্ৰতি ৰুচি ৰাখিবা। অকলশৰীয়া ভাবে থাকে মৌন কোৱা হয়। যদিহে অকলশৰে থকাত তোমাৰ আনৰ হবলৈ ধৰে।২০
তেনেহলে ধ্যানৰত কামত্যাগ ধীৰৰ বচন শুনি তুমি দহো দিক আলোকিত কৰিব পাৰিবা। তথাপি (সেই পদ লাভ কৰি) মোৰ শ্ৰাৱকেহে (পাপ-লজ্জা) আৰু শ্ৰদ্ধা বঢ়োৱা উচিত।২১
এই নৈৰ উপমাৰ পৰাই জনা যায়। জলপ্ৰপাত আৰু উৎপত্তি