পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৮
ভগৱান বুদ্ধ
 


 ভিক্ষুসকল, এই চাৰিটাই হল আৰ্য্যবংশ য’ত কোনো শ্ৰমণ আৰু ব্ৰাহ্মণে দোষ লগোৱা নাই।[১]

 ভিক্ষুসকল, এই চাৰিটা আৰ্য্যবংশ সমন্বিত ভিক্ষু যদি পুব দিশৰ পিনে যায, তেন্তে তেওঁ অৰতিক জয় কৰিব, অৰতিয়ে তেওঁক জয় কৰিব নোৱাৰে। তাৰ কাৰণ কি? কাৰণ হল—ধীৰে অৰতিৰ ওপৰত বিজয় লাভ কৰে।

 ধীৰক জয় কৰিব পৰা অৰতি নাই, অৰতিয়ে ধীৰৰ ওপৰত জয়লাভ কৰিব নোৱাৰে। অৰতিক জয় কৰোতা ধীৰে অৰতিৰ ওপৰত বিজয় লাভ কৰে।

 সকলো কৰ্ম্মকে ত্যাগ কৰোতা আৰু ৰাগ দ্বেষ আদিৰ নিৰসন কৰোতা সেই ধীৰৰ পথ কোনে ভেটিব পাৰে? শুদ্ধ সোণৰ নিচিনা সেই পুৰুষৰ ওপৰত কোনে দোষ লগাব? দেৱতাযো তেওঁৰ প্ৰশংসা কৰে আৰু ব্ৰহ্মদেৱেও তেওঁৰ প্ৰশংসা কৰে।

 অনাগত ভয়ানি—এই সুত্ত ‘অঙ্গুত্তৰ নিকায়’ৰ পঞ্চক নিপাতত পোৱা যায়। ইয়াৰ ভাঙনি হল এই-

 ভিক্ষুসকল, দৃষ্টি থকা ভিক্ষুসকলৰ কাৰণে এই পাঁচোটা অনাগত ভয় নোপোৱা পদ পোৱাৰ কাৰণে, নজনা কথা জনাৰ কাৰণে, যাৰ লগত সাক্ষাৎ হোৱা নাই, তাৰ লগত সাক্ষাৎ হোৱাৰ কাৰণে, অপ্ৰ- মত্ততা, উদ্যমশীলতা আৰু মনোযোগেৰে আচৰণ কৰাৰ বাবে যথেষ্ট। এই পাঁচটোনো কি কি?

 ভিক্ষুসকল, এই মতে—ভিক্ষুৱে এনেদৰে চিন্তা কৰে যে মই এতিয়া

___________________________________________

১। ^ ব্ৰাহ্মণসকলে প্ৰাচীন বংশ-পৰম্পৰাৰ প্ৰতি অতিশয় গুৰুত্ব আৰোপ কৰিছিল। কিন্তু সেই পৰম্পৰাৰ গুৰুত্ব নাই, এই সুত্তত বৰ্ণনা কৰা আৰ্য্যবংশ পৰম্পৰাহে গুৰুত্বপূৰ্ণ, ইয়াত শ্ৰমণ ব্ৰাহ্মণে দোষ লগাব নোৱাৰে। ইয়াত তেনে ধৰণৰ ধ্বস্য়ৰ্থ আছে।