পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিশিষ্ট ৩
৩৩৭
 


ধৰণৰ সন্তুষ্টি লৈ আত্মপ্ৰশংসা আৰু পৰনিন্দা নকৰে। যি এনে সন্তোষত দক্ষ, সাৱধান, সচেতন আৰু স্মৃতিমান হৈ থাকে, হে ভিক্ষুসকল, তেওঁকে সেই প্ৰাচীন অগ্ৰ আৰ্য্যবংশ অনুসৰি আচৰণ কৰা ভিক্ষু বোলা হয়।

 তদুপৰি, ভিক্ষুসকল, যি ভিক্ষু সহজতে পোৱা ভিক্ষাতে সন্তুষ্ট থাকে, এনে সন্তুষ্টি প্ৰশংসা কৰে, ভিক্ষাৰ কাৰণে অনুচিত আচৰণ নকৰে, ভিক্ষা নাপালে ভয় নাখায়, পালেও লোভী নহয়, মত্ত নহয়, আসক্ত নহয়, অন্নত দোষ থকাৰ কথা জানি কেৱল মুক্তি কাৰণেহে অন্ন সেৱন কৰে আৰু নিজৰ সেই সন্তুষ্টি লৈ আত্মপ্ৰশংসা আৰু পৰনিন্দা নকৰে। যি এনে ধৰণৰ সন্তোষত দক্ষ, সাৱধান, সচেতন আৰু স্মৃতিমান হৈ থাকে, ভিক্ষুসকল, তেওঁকে প্ৰাচীন অগ্ৰ আৰ্য্যবংশ অনুসৰি আচৰণ কৰা ভিক্ষু বোলা হয়।

 তদুপৰি, ভিক্ষুসকল, যি ভিক্ষু যি কোনো থকা ঠাইতে সন্তুষ্ট থাকে, তেনে সন্তুষ্টিৰ প্ৰশংসা কৰে, থকা ঠাইৰ কাৰণে অযোগ্য আচৰণ নকৰে, থকা ঠাই নাপালে ভয় নাখায়, পালেও লোভী নহয়, মত্ত নহয়, আসক্ত নহয়, থকা ঠাইৰ দোষৰ কথা জানি কেৱল মক্তিৰ কাৰণেহে তাক ব্যৱহাৰ কৰে আৰু নিজৰ তেনে ধৰণৰ সন্তুষ্টি লৈ আত্মপ্ৰশংসা বা পৰনিন্দা নকৰে। যি এনে সন্তোষত দক্ষ, সাবধান, সচেতন আৰু স্মৃতিমান হৈ থাকে, তেওঁকে প্ৰাচীন অগ্ৰ আৰ্য্যবংশ অনুসৰি আচৰণ কৰা ভিক্ষু বোলা হয়।

 তদুপৰি, ভিক্ষুকল, যি ভিক্ষুৱে সমাধি-ভাৱনাকে আনন্দ বুলি মানে, ভাৱনা-ৰত হয়, ক্লেশ নষ্ট কৰাকে আনন্দ বুলি ভাবে, ক্লেশ নষ্ট কৰাত ৰত হয়। তাৰ উপৰি সেই প্ৰকাৰৰ ভাৱনাৰমতা লৈ আত্ম- স্ততি আৰু পৰনিন্দা নকৰে। যি এই ধৰণৰ আনন্দত দক্ষ, সাৱধান, সচেতন আৰু স্মৃতিমান হৈ থাকে, তেওঁকে প্ৰাচীন অগ্ৰ আৰ্য্যবংশ

অনুসৰি আচৰণ কৰা ভিক্ষু বোলা হয়।

২২