পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিশিষ্ট ৩
৩৩৯
 


তৰুণ আৰু যৌৱন সম্পন্ন, কিন্তু এদিন এনে সময়ো আহিব যেতিয়া মোৰ শৰীৰ জৰাপ্ৰাপ্ত হব। বৃদ্ধৰ কাৰণে, জৰাজীৰ্ণৰ কাৰণে বুদ্ধধৰ্ম্মৰ মনন কৰা সহজসাধ্য নহয়, অৰণ্যত অকলশৰে থকাটো সহজসাধ্য নহয়, সেই অনিষ্ট, অপ্ৰিয় দশা হোৱাৰ আগতেই মই যদি নোপোৱা পদ পোৱাৰ কাৰণে, নজনা কথা জনাৰ কাৰণে, যাৰ লগত সাক্ষাৎকাৰ হোৱা নাই, তাৰ সাক্ষাৎকাৰৰ কাৰণে প্ৰযত্ন কৰোঁ তেন্তে সি ভালেই। যাতে আনকি বুঢ়া অৱস্থাতো দুখেৰে থাকিব পাৰিম। এই প্ৰথম অনাগত ভয়—দৃষ্টি থকা ভিক্ষুৰ কাৰণে মন দি আচৰণ কৰাৰ বাবে যথেষ্ট।

 তদুপৰি, ভিক্ষুসকল, ভিক্ষুৱে এইদৰে চিন্তা কৰে যে মই এতিয়া নীৰোগ, মোৰ জঠৰাগ্নি ভাল আৰু কৰ্ম্মপ্ৰয়াসৰ অনুকুল। কিন্তু এনে এটা সময়ো আহিব যেতিয়া মোৰ শৰীৰ ব্যাধিগ্ৰস্ত হব। ব্যাধিগ্ৰস্তৰ কাৰণে বুদ্ধৰ ধৰ্ম্মৰ মনন সহজসাধ্য নহয়, অৰণ্যত অকলশৰে থকা সহজসাধ্য নহয়। এই অনিষ্ট অপ্ৰিয় অৱস্থা হোৱাৰ আগতেই কৰ্ম্ম- প্ৰয়াসী হোৱাতো ভাল কথাই। যাতে, আনকি মই ৰুগ্ন অৱস্থাতো সুখেৰে থাকিব পাৰিম। এই দ্বিতীয় অনাগত ভস-দৃষ্টি থকা ভিক্ষুৰ কাৰণে মন দি আচৰণ কৰিবলৈ যথেষ্ট।

 তদুপৰি, ভিক্ষুসকল, ভিক্ষুৱে এইদৰেও চিন্তা কৰে যে এতিয়া সুভিক্ষ, সহজতে ভিক্ষা পোৱা যায়, ভিক্ষাৰ ওপৰত নিৰ্ব্বাহ কৰাটো সহজ, কিন্তু এনে এটা সময়ো আহিব পাৰে যেতিয়া দুৰ্ভিক্ষ হয়, খেতি নহয়, ভিক্ষা পোৱাটো কঠিন হৈ পৰে, ভিক্ষাৰে নিৰ্ব্বাহ কৰাটো আৰু সহজ নহয়। এনে সময়ত মানুহ দুৰ্ভিক্ষ নোহোৱা ঠাইলৈ আঁতৰি যায়। কিন্তু তাতো ভিৰ হৈ পৰে। তেনে ঠাইত বুদ্ধৰ ধৰ্ম্মৰ মনন কৰাটো সহজসাধ্য নহয়, অৰণ্যত অকলশৰে থকাটো সহজসাধ্য নহয়, তেনে অনিষ্ট অপ্ৰিয় অৱস্থা হোৱাৰ আগতে চেষ্টা কৰাটো ভাল।