পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৬
ভগৱান বুদ্ধ
 


যি নিৰ্দ্দেশ কৰিছোঁ, তাৰ কাৰণ মাথোন এযে যাতে সদ্ধৰ্ম্ম চিৰস্থায়ী হয় আৰু সেই কাৰণেই ইয়াক কোৱাটো উচিত যেন লাগে। ভদন্ত, ই ধৰ্ম্মপৰ্য্যায় ( সূত্ৰ )-ৱিনয়সমুকসে, অলিয়ৱসানি, অনাগতভয়ানি, মুনিগাথা, মোনেয়সুতে, উপতিসপসিনে, আৰু ভগৱান বুদ্ধৰ সেই ভাষণ যি তেওঁ ৰাহুলক দিয়া উপদেশত অসত্য ভাষণ সম্বন্ধে কৈছিল। ভদন্ত, এই সূত্ৰ সম্বন্ধে মোৰ ইচ্ছা হল এনে যাতে ভালেমান ভিক্ষু আৰু ভিক্ষুণীয়ে ইয়াক বাৰে বাবে শুনে আৰু কণ্ঠস্থ কৰে। সেইদৰে যাতে উপাসক আৰু উপাসিকা সকলেও কৰে। ভদন্ত, এই লিপি মই খোদিত কৰাই দিছোঁ। এইবাবেই যাতে মোৰ অভিহিত (সন্দেশ) সকলো মানুহে জানিব পাৰে।”

 এই সাতোটা সুত্তৰ প্ৰথমটো হল বিনয়সমুৎকৰ্ষ বা ধৰ্ম্মচক্ৰপ্ৰৱৰ্ত্তন। পঞ্চম অধ্যায়ত ইয়াৰ ৰূপান্তৰ দিয়া হৈছে। এতিয়া আমি ক্ৰমে আন কেইটা সুত্তৰো ৰূপান্তৰ দিওঁহক।

অলিয়ৱসানি বা অৰিয়বৎস সুত্ত

 এই সুত্ত ‘অঙ্গুত্তৰনিকায’ৰ চতুৰুনিপাতত পোৱা যায়। ইয়াৰ ভাঙনি হল এই ⸺

 ভিক্ষুসকল, এই চাৰিটা আৰ্য্যবংশ অগ্ৰ আৰু বহুদিনীয়া বংশ। ই প্ৰাচীন আৰু অসংকীৰ্ণ। ই কোনো দিনে সংকীৰ্ণ হোৱা নাছিল, সংকীৰ্ণ হোৱা নাই আৰু সংকীৰ্ণ নহবও। তাত কোনো শ্ৰমণ বা ব্ৰাহ্মণে দোষ লগোৱা নাই। এই চাৰিটানো কি কি? যি ভিক্ষু সহজতে পোৱা চীৱৰতে সন্তুষ্ট থাকে, এই সন্তুষ্টিৰ প্ৰশংসা কৰে, চীৱৰৰ কাৰণে অনুচিত আচৰণ নকৰে, চীৱৰ নাপালেও ভয় নাখায়, পালে লোভী নহৈ, মত্ত নহৈ, আসক্ত নহৈ, চীৱৰত দোষ থকাৰ কথা জানি কেৱল মুক্তিৰ কাৰণেহে ইয়াক ব্যৱহাৰ কৰে আৰু নিজৰ এনে