কৈছিল। সেই পুথিত বিভিন্ন অপৰাধৰ বাবে বিভিন্ন দণ্ডৰ বিধান
দিয়া আছিল। তেতিয়া ৰজাই সেইমতে দণ্ড বিহিছিল। প্ৰাচীন
ৱজ্জীসকলৰ বিধান এই ধৰণৰ আছিল।
(৪) যদি নিজ দেশৰ বৃদ্ধ ৰাজনীতিজ্ঞ সকলক মান কৰা নহয় আৰু তেওঁলোকৰ লগত বাৰে বাৰে সাক্ষাৎ কৰা নহয়, তেন্তে তেওঁ- লোকৰ দিহা পৰামৰ্শ পোৱা নাযায়। ইয়াৰ ফলত শাসক সকলৰ অৱনতি হয়। কিন্তু যি সকলে অভিজ্ঞ আৰু জ্ঞানীলোকৰ পৰামৰ্শ লয়, তেওঁলোকে ভালদৰে জানিব পাৰে যে কোন সময়ত কি কৰা উচিত; তাৰ দ্বাৰা তেওঁলোকৰ উন্নতি হয়।
(৫) বিবাহিতা অথবা অবিবাহিতা তিৰোতাৰ ওপৰত বলাৎকাৰ হলে ৰাজ্যৰ লোক অসন্তুষ্ট হয়। মানুহে কয়, ‘আমি যিবোৰ ছোৱালী তুলি-তালি ডাঙৰ দীঘল কৰিলোঁহক তাক শাসকে বল কৰি নিজৰ ঘৰলৈ নি ৰাখিলে।’ তেতিয়া তেওঁলোক সীমা প্ৰদেশলৈ গৈ বিদ্ৰোহ কৰে বা বিদ্ৰোহীসকলৰ লগত যোগ দিয়ে আৰু ৰাজ্যৰ ওপৰত আক্ৰমণ চলায়। য'ত তিৰোতাৰ ওপৰত অত্যাচাৰ নহয়, শাসক সকলে তিৰোতা সকলক নিৰাপদে ৰক্ষা কৰে, তাৰ ৰাইজে নিশ্চিন্তভাৱে নিজৰ কাম কৰে আৰু তাৰ ফলত ৰাজ্যৰ শ্ৰীবৃদ্ধি হয়।
(৬) দেৱস্থানৰ উচিত অৱৰক্ষণ কৰিলে দেৱতাই ৰাজ্য ৰক্ষা কৰে।
(৭) অৰ্হন্তসকলৰ কোনো প্ৰকাৰৰ কষ্ট হবলৈ নিদিয়াৰ অৰ্থ হল এয়ে যে তেওঁলোক থকা ঠাইৰ ওচৰ কাষৰৰ গছ আদি কোনেও কটা উচিত নহয়, তাৰ ওচৰে কাষৰে জাল পাতি কোনেও হৰিণ ধৰিব নালাগে, বা তাৰ ওচৰ চুবুৰীয়া পুখুৰীত মাছ আদি ধৰিব নালাগে। এনেবোৰ বিষয়ত তেওঁলোকে সতৰ্কতা অৱলম্বন কৰে।
‘অট্ঠকথা’ত ৱজ্জীসকলৰ বিধান সম্বন্ধে কিছুদূৰ বিস্তৃত টীকা আছে। চোৰ ধৰা পৰিলে ক্ৰমে বিনিশ্চয় মহামাত্য ব্যৱহাৰিক,