অৰ্থাৎ চোৰ বুলি কাৰোবক যদি ধৰি নিয়া হয় তেন্তে তাৰ উচিত
বিচাৰ নকৰাকৈ শাস্তি নিদিয়ে, ইয়াকে নকৰিলে মানুহৰ মাজত
উপদ্ৰৱৰ মাত্ৰা বাঢ়ে। (মানুহ উপদ্ৰুত হয়) তেতিয়া তেওঁলোক
সীমান্ত প্ৰদেশলৈ গৈ নিজে বিদ্ৰোহী হৈ পৰে আৰু বিদ্ৰোহীসকলৰ
দলত যোগদান কৰি ৰাজ্যৰ ওপৰত আক্ৰমণ চলায়। এইদৰে শাসক
সকলৰ অৱনতি হয়। বিধান মতে চলিলে নিয়মিত সময় মতে কৰ
পোৱা যায়, তাৰ ফলত ৰাজ-ভঁৰাল টনকিয়াল হয় আৰু তাৰদ্বাৰা
সেনা আৰু আন আন খৰচ-পাতি ভালদৰে চলাব পৰা যায়।
ৱজ্জীসকলৰ বিধান এনে আছিল যে কোনো লোকক চোৰ বুলি ধৰি আনিলে ৱজ্জী ৰাজ্যই তেনে লোকক শাস্তি নিদি ৱিনিশ্চয় মহামাত্য সকলক শোধাই দিছিল। তেতিয়া এই অধিকাৰী সকলে মানুহজন প্ৰকৃততে চোৰ হয় নে নহয় তাক ভালদৰে বিচাৰ কৰি চাইছিল আৰু চোৰ বুলি প্ৰমাণ নাপালে তেওঁক এৰি দিছিল। আৰু চোৰ বুলি প্ৰমাণ পালে নিজৰ কোনো মত প্ৰকাশ নকৰাকৈ অভিযুক্ত লোক জনক ব্যৱহাৰিক সকলৰ হাতত শোধাই দিছিল। তেওঁলোকেও তেনে দৰে বিচাৰ কৰি মানুহজন চোৰ নহয় বুলি ধাৰণা হলে এৰি দিছিল আৰু চোৰ বুলি ভাবিলে আন্তঃকাৰিক নামৰ অধিকাৰীসকলৰ হাতত শোধাই দিছিল। তেওঁলোকেও চোৰ বুলি প্ৰমাণ নাপালে এৰি দিছিল আৰু প্ৰমাণ পালে অষ্ট কুলিক সকলৰ হাতত শোধাই দিছিল। তেওঁলোকেও তেনেদৰে বিচাৰ কৰি চাই চোৰ বুলি নাভাবিলে মানুহজনক এৰি দিছিল আৰু চোৰ বুলি প্ৰমাণ পালে তেনে মানুহজনক সেনাপতিৰ হাতত শোধাই দিছিল, এইদৰে সেনাপতিয়ে উপৰজাক আৰু উপৰজাই ৰজাক শোধাই দিছিল। তেতিয়া ৰজাই যদি মানুহ জনক বিচাৰ কৰি চোৰ নহয় বুলি ভাবে তেন্তে তেওঁক এৰি দিছিল আৰু চোৰ সাব্যস্ত হলে প্ৰৱেণী পুস্তক (বিধান গ্ৰন্থ) পঢ়িবলৈ