সমললৈ যাওক

পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিশিষ্ট ২
৩৩৩
 


অন্তঃকাৰিক, অষ্টকুলিক, সেনাপতি, উপৰজা আৰু ৰজা-এই সাত প্ৰকাৰৰ অধিকাৰীযে তাৰ বিচাৰ কৰিছিল। অষ্টকুলিক আজিকালিৰ জুৰীসকলৰ নিচিনা আছিল নে নাছিল সেই কথা কোৱাটো টান। আন আন অধিকাৰীসকলৰ অধিকাৰ-সীমা সম্বন্ধে কোনো কথা জনা নাযায়। ৰজা কিমান বছৰলৈ অধ্যক্ষ হৈ থাকিছিল, সেই কথাৰো উল্লেখ ক’তো পোৱা নাযায়। ৱজ্জীসকলৰ বিধান সম্বন্ধে এখন গ্ৰন্থ যুগুত কৰা হৈছিল। কিন্তু অতিশয় দুখৰ কথা সেই গ্ৰন্থখনো সম্পূৰ্ণভাৱে লোপ পাইছে। গ্ৰীকসকলৰ নিচিনাকৈ আমাৰ পূৰ্ব্বপুৰুষসকলৰ মাজতো ৰাজ্য-ব্যৱস্থা শাসন-ব্যৱস্থাৰ প্ৰতি আগ্ৰহ থকাহেঁতেন, এই গণৰজা সকলৰ ইতিহাস লুপ্তপ্ৰায় নহলহেঁতেন।

 এটা কথা অতিশয় মন কৰিবলগীযা- ৱজ্জীসকলে তিৰোতাসকলৰ ওপৰত বলাৎকাৰ হোৱাৰ বিৰুদ্ধে সতৰ্কতা অৱলম্বন কৰিছিল। আমি অনুমান কৰিব পাৰোঁহক যে গণৰজাহঁতে যেতিয়া স্বেচ্ছাচাৰ কৰিবলৈ ধৰিলে তেতিয়া দুখীয়া ৰাইজৰ তিৰোতাসকলৰ ওপৰতো অত্যাচাৰ আৰম্ভ হল। ফলত ৰাইজৰ একসত্ত্বাত্মক শাসন-প্ৰণালী ভাল লগা হৈ আহিল। মহাৰজাসকলে বৰ বেচি নিজৰ নগৰৰ কোনো কোনো তিৰোতা নি অন্তঃপুৰত ৰাখিছিল, কিন্তু এই গণৰজাহঁত হলে সমগ্ৰ দেশতে বিয়পি আছিল, গতিকে কোনো গাৱঁৰে তিৰোতা তেওঁলোকৰ অত্যাচাৰৰ পৰা ৰক্ষা পৰিব নোৱাৰিছিল। সেই হেতুকে ৰাইজে চাগৈ নিজ ইচ্ছাৰে একসত্ত্বাত্মক শাসন-প্ৰণালী মানি লৈছিল।

 এই ৰজাসকলে যেতিযা স্বেচ্ছাচাৰ কৰিবলৈ ধৰিলে, তেতিয়া তেওঁলোকৰ মাজত ভেদাভেদ দেখা দিয়াটো তেনেই স্বাভাৱিক। ৱজ্জী গণৰজাসকলৰ মাজত ৱস্সকাৰ ব্ৰাহ্মণে ভেদাভেদৰ সৃষ্টি কৰি দিয়ে, আৰু তাৰ ফলত অজাতশত্ৰুৰ কাৰণে তেওঁলোকক পৰাস্ত কৰাটো তেনেই সহজ হৈ পৰে। ৱজ্জীসকলৰ গণৰাজ্য নষ্ট হোৱাৰ পিচত