পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিশিষ্ট ১
৩১৫
 

 (১৫) ভিক্ষুসকল, জন্ম লৈয়েই বোধিসত্ত্বই নিজৰ ভৰিত ভৰ দি থিয় হয় আৰু উত্তৰ পিনলৈ সাত খোজ কাঢ়ে। সেই সময়ত তেওঁৰ ওপৰত শ্বেত ছত্ৰ ধৰা হয়—আৰু চাৰিওপিনলৈ চাই তেওঁ গৰজি উঠে, “মই সংসাৰৰ অগ্ৰগামী, শ্ৰেষ্ঠ, এয়ে অন্তিম জন্ম, এতিয়া আৰু পুনৰ্জ্জন্ম নাই।” সি স্বভাৱ-নিয়ম।

 (১৬) ভিক্ষুসকল, যেতিয়া বোধিসত্ত্ব মাকৰ উদৰৰ পৰা বাহিৰ হয় তেতিয়া দেৱ, মাৰ, ব্ৰহ্মা ( ইত্যাদি কথা দ্বিতীয় বিভাগৰ অনুৰূপ)

 ভিক্ষুসকল, ৱিপসসী ৰাজকোঁৱৰৰ জন্ম হোৱাৰ লগে লগে বন্ধুমা ৰজাক এই বাতৰি জনোৱা হল, “মহাৰাজ, আপোনাৰ পুত্ৰ হৈছে, মহাৰাজে চাবহি পাৰে।” ভিক্ষুসকল, বন্ধুমা ৰজাই বিপসসী কুমাৰক চালে আৰু জ্যোতিষী ব্ৰাহ্মণক মতাই নিয়াই লৰাৰ লক্ষণ চাবলৈ কলে।

 জ্যোতিষীয়ে কলে, “মহাৰাজ আনন্দ কৰক, আপোনাৰ মহানুভৱ পুত্ৰ ওপজিছে। এই কুমাৰৰ গাত বত্ৰিশটা মহাপুৰুষৰ লক্ষণ আছে। এনে মহাপুৰুষৰ দুটা মাথোন গতি হয়, তৃতীয় গতি নহয়। তেওঁ যদি গৃহস্থাশ্ৰমত থাকে তেনেহলে তেওঁ ধাৰ্ম্মিক ধৰ্ম্মৰজা, চাৰিটা সমুদ্ৰবেষ্টিত পৃথিৱীৰ গৰাকী, ৰাজ্যত শান্তি স্থাপন কৰোঁতা, সাত ৰত্ন-মণ্ডিত চক্ৰৱৰ্তী ৰজা হব। তেওঁৰ সাতোটা ৰত্ন হল এই - চক্ৰৰত্ন, হৰিৰত্ন, অশ্বৰত্ন, মণিৰত্ন, স্ত্ৰীৰত্ন, গৃহপতিৰত্ন, আৰু সপ্তম-পৰিণায়ক ৰত্ন।[২] তেওঁৰ হেজাৰতকৈ অধিক শূৰবীৰ, শত্ৰু সেনা দমন কৰিব পৰা পুত্ৰ হয়। তেওঁ সমুদ্ৰলৈকে বিয়পি থকা এই পৃথিবীৰ ওপৰত দণ্ড আৰু শস্ত্ৰ, নোহোৱাকৈয়ে ধৰ্ম্মেৰে জয় কৰি ৰাজত্ব কৰে। কিন্তু যদিহে তেওঁ


(২)^  পৰিণায়কৰ অৰ্থ হল প্ৰধান মন্ত্ৰী।