মাকৰ দেহান্ত হয় আৰু তেওঁ ভুষিত দেৱলোকত জন্ম লয়। সি স্বভাৱ-নিয়ম।
(৯) ভিক্ষুসকল, সাধাৰণ তিৰোতাসকলে যিদৰে নৱম বা দশম মাহত প্ৰসৱ কৰে, তেনেকৈ বোধিসত্ত্বৰ মাকে প্ৰসব নকৰে। দহ মাহ সম্পূৰ্ণ হলেহে তেওঁ বোধিসত্ত্বৰ জন্ম দিয়ে। সি স্বভাৱ-নিয়ম।
(১০) ভিক্ষুসকল, আন আন তিৰোতাসকলে বহি থকা বা শুই থকা অৱস্থাত প্ৰসৱ কৰে, কিন্তু বোধিসত্ত্বৰ মাকে তেনেদৰে প্ৰসৱ নকৰে। তেওঁ থিয় হৈ থকা অৱস্থাতে প্ৰসৱ কৰে। সি স্বভাৱ-নিয়ম।
(১১) ভিক্ষুসকল, যেতিয়া বোধিসত্ত্ব মাকৰ উদৰৰ পৰা বাহিৰ হয হয়, তেতিয়া প্ৰথমতে দেৱসকলে তেওঁক তুলি ধৰে আৰু তাৰ পিচত মানুহে তেওঁক তুলি লয়। সি স্বভাৱ-নিয়ম।
(১২) ভিক্ষুসকল, যেতিয়া বোধিসত্ত্ব মাকৰ উদৰৰ পৰা বাহিৰ হয়, তেতিযা মাটিত পৰাৰ আগতে চাৰিজন দেৱপুত্ৰই তেওঁক তুলি লয় আৰু মাকৰ আগত থৈ কয়, “হে দেৱি, উৎসৱ আনন্দ কৰ, তোৰ মহানুভৱ পুত্ৰ হৈছে।” সি স্বভাৱ-নিয়ম।
(১৩) ভিক্ষুসকল, যেতিয়া বোধিসত্ত্ব মাকৰ উদৰৰ পৰা বাহিৰ হয় তেতিয়া তেওঁ উদৰোদক, বিজল, তেজ বা আন কোনো লেতেৰা বস্তুৰে লেটি-পেটি নহয়, তেওঁ শুদ্ধ আৰু পৰিষ্কাৰ ৰূপেৰে বাহিৰলৈ আহে। ভিক্ষুসকল, পাটৰ কাপোৰৰ ওপৰত বহুমূলীয়া ৰত্ন ৰাখিলে, কাপোৰ বা ৰত্ন মলিয়ন নহয়, কিয়নো সেই দুয়োটা বস্তুৱে পৰিষ্কাৰ। সেই দৰে বোধিসত্ত্ব বাহিৰ ওলোৱাৰ সময়তো পৰিষ্কাৰ হৈ ওলায়। সি স্বভাৱ-নিয়ম।
(১৪) ভিক্ষুসকল, যেতিয়া বোধিসত্ত্ব মাকৰ উদৰৰ পৰা বাহিৰলৈ ওলায়, তেতিয়া অন্তৰিক্ষৰ পৰা দুটা উদক-ধাৰা তললৈ আহে; তাৰে এটা ধাৰা শীতল, আনটো উষ্ণ। এই ধাৰা দুটাই বোধিসত্ত্ব আৰু তেওঁৰ মাকক ধুই দিয়ে। সি স্বভাৱ-নিয়ম।