পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৬
ভগৱান বুদ্ধ
 

প্ৰব্ৰজ্যা গ্ৰহণ কৰে তেন্তে তেওঁ এই সংসাৰত অইন, সম্যক সম্বুদ্ধ আৰু অবিদ্যাবৰণ দূৰ কৰোঁতা হয়।

 মহাৰাজ, শুনক এই বত্ৰিশটা লক্ষণ কি কি?-(১) এই কুমাৰ সুপ্ৰতিষ্ঠিত পাদ, (২) এওঁৰ ভৰিৰ তলুৱাত হেজাৰ খলপ, নেমি আৰু নাভিৰে সম্পন্ন আৰু সৰ্ব্বাকাৰ পৰিপূৰ্ণ চক্ৰ আছে, (৩) এওঁৰ গোড়ালি দীঘল, (৪) আঙুলি কেইটা দীঘল (৫) হাত ভৰি লঘু আৰু কোমল (৬) জালৰ নিচিনা, (৭) ভৰিৰ গাঁথি শঙ্কুৰ নিচিনা ঘূৰণীয়া, (৮) কঁকাল হৰিণৰ কঁকালৰ নিচিনা, (৯) তেওঁ থিয় হৈয়েই বেঁকা নোহোৱাকৈ নিজৰ হাতৰ তলুৱাৰে ভৰিৰ গাঁথি চুব পাৰে, তাক তেওঁ সহ্য কৰিবও পাৰে, (১০) এওঁৰ বস্ত্ৰ গুহ্যকোশৰ পৰা ঢকা আছে, (১১) এওঁৰ কান্তি সোণৰ নিচিনা, (১২) ছাল সূক্ষ্ম হোৱা হেতু তেওঁৰ গাত ধূলি নালাগে, (১৩) তেওঁৰ নোমৰ গুৰিবোৰৰ পৰা মাথোন এদালকৈহে নোম ওলাইছে, (১৪) এওঁৰ চুলি উদ্ধাগ্ৰ, নীল, অঞ্জন বৰ্ণ, কেঁকোৰা কেঁকুৰি আৰু সেঁফালে হালি থকা, (১৫) তেওঁৰ গা পোন, (১৬) তেওঁৰ শৰীৰৰ সাতোটা ভাগেই পৰিপুষ্ট, (১৭) তেওঁৰ গাৰ আগ ভাগ সিংহৰ আগ ভাগৰ নিচিনা, (১৮) তেওঁৰ কানৰ ওপৰি ভাগ পৰিপুষ্ট, (১৯)'তেওঁ ন্যগ্ৰোধ গছৰ নিচিনা ঘূৰণীয়া, তেওঁ যিমান ওখ, তিমানেই তেওঁৰ পৰিধি আৰু যিমানেই পৰিধি, তিমানেই ওখ, (২০) তেওঁৰ কান সমান ভাৱে ঘোৰ খোৱা, (২১) তেওঁৰ জিভা সুন্দৰ, (২২) তেওঁৰ ঠুটুৰীটো সিংহৰ ঠুটুৰীৰ নিচিনা, (২৩) তেওঁৰ দাঁত চল্লিশটা, (২৪) সেইবোৰ পোন, (২৫) তাত গাঁত নাই, (২৬) সেইবোৰ বগা। (২৭)'তেওঁৰ জিভা দীঘল, (২৮) তেওঁ ব্ৰহ্ম-স্বৰ, কৰৱীক পক্ষীৰ মাতৰ নিচিনা তেওঁৰ মাত মধুৰ, (২৯) তেওঁৰ চকুত খুট নাই, (৩০) তেওঁৰ পলক গাইৰ পলকৰ নিচিনা, (৩১) তেওঁৰ ভুৰুত নিমজ তুলাৰ আঁহৰ নিচিনা বগা নোম ওলাইছে, আৰু (৩২) তেওঁৰ মূৰ উষ্ণীষৰ আকাৰৰ (অৰ্থাৎ মাজখিনি ওখ)।