পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিনচৰ্য্যা
৩০৯
 

অন্তিম ৰোগ

 ‘মহাপৰিনিব্বানসুত্ত’ত বুদ্ধ ভগৱানৰ অন্তিম ৰোগৰ বৰ্ণনা কৰা হৈছে।[১৪] সেই বেলি বাৰিষাৰ আগতে ভগৱান ৰাজগৃহত আছিল। তাৰপৰা বিৰাট ভিক্ষু সংঘৰ লগত যাত্ৰা কৰি তেওঁ ৱৈশালীত উপস্থিত হয় আৰু ওচৰৰে বেলুৱ নামৰ গাঁৱত তেওঁ নিজে বৰ্ষা-বাসৰ কাৰণে থাকে। তেওঁ ভিক্ষুসকলক নিজ নিজ সুবিধা অনুসৰি ৱৈশালীৰ ওচৰে কাষৰে থাকিবলৈ অনুজ্ঞা দিয়ে। সেই বাৰিষাৰ সময়ত ভগৱানৰ শকত নৰিযা হয় কিন্তু তেওঁ হলে নিজৰ জাগ্ৰত অৱস্থাক বিচলিত হবলৈ নিদিয়ে। ভিক্ষু সংঘৰ লগত সাক্ষাৎ নকৰাকৈ তেওঁৰ পৰিনিৰ্ব্বাণ প্ৰাপ্তি উচিত যেন নালাগে আৰু সেই মতে তেওঁ ৰোগৰ কষ্ট সহ্য কৰি নিজৰ আয়ু অলপ বঢ়াই লয়। এই ৰোগৰ পৰা ভগৱান ভাল হৈ উঠা দেখি আনন্দই কলে, “ভদন্ত, আপুনি ৰোগৰ পৰা সুস্থ হোৱা দেখি মোৰ বৰ ভাল লাগিছে। আপোনাৰ এই নৰিয়া হোৱাত মোৰ মন দুৰ্ব্বল হৈ পৰিছিল। মই একো বুজি নোপোৱা হৈ গৈছিলো আৰু ধাৰ্ম্মিক উপদেশ- বোৰো পাহৰি যোৱাৰ উপক্ৰম হৈছিল। তথাপি মোৰ আশা আছিল যে ভিক্ষু-সংঘক অন্তিম উপদেশ নিদিয়াকৈ ভগৱানৰ নিৰ্ব্বাণ প্ৰাপ্তি নহয়।”
 ভগৱান—হে আনন্দ, ভিক্ষু-সংঘই মোৰ পৰা আৰু কি কথা জানিবলৈ ইচ্ছা কৰে? মই মোৰ ধৰ্ম্ম মুকলি ভাৱে বুজাই দিছোঁ, কোনো কথা লুকাই ৰখা নাই। যাৰ এনে ইচ্ছা থাকে যে তেৱেঁই ভিক্ষু-সংঘৰ নাযক হওক আৰু ভিক্ষু-সংঘই তেওঁক অৱলম্বন কৰিয়ে চলক, তেনেলোকেহে ভিক্ষু-সংঘৰ আগত কিবা অন্তিম কথা কব। কিন্তু হে আনন্দ, ভিক্ষু-সংঘৰ নিজে নায়ক হবলৈ ভিক্ষু-সংঘক তেওঁকে অৱলম্বিত কৰি ৰাখিবলৈ তথাগতৰ কোনো ইচ্ছা নাই। গতিকে


(১৪)^  চাওক, 'বুদ্ধলীলা সাৰ-সংগ্ৰহ', পৃষ্ঠা ২৯২-৩১২।