তথাগতই ভিক্ষু-সংঘক কি অন্তিম বাণী শুনাব? হে আনন্দ, মই এতিয়া
জীৰ্ণশীৰ্ণ আৰু বৃদ্ধ হৈ পৰিছোঁ। মোৰ বয়স আশী বছৰ হৈছে। বাঁহৰ
টুকুৰা বান্ধি দিলে যিদৰে গৰুগাড়ী কোনো ৰকমে চলি থাকে, তেনেদৰে
মোৰ কায়া (শৰীৰো) যেনে তেনে চলি আছে। মই যেতিয়া নিৰোধ-
সমাধিৰ অনুশীলন কৰোঁ, তেতিয়া মোৰ দেহাটো অলপ ভাল যেন পাওঁ।
গতিকে হে আনন্দ, এতিয়া তোমালোকে নিজৰ ওপৰতে ভিৰ দি
চলাহঁক, আত্মনিৰ্ভৰশীল হোৱাহঁক। আত্মাকে দ্বীপ কৰা, ধৰ্ম্মকে দ্বীপ
কৰা। আত্মাৰে শৰণ লোৱা, ধৰ্ম্মৰে শৰণ লোৱা।
এই অৱস্থাৰেই ভগৱান বেলুৱ গাৱঁৰ পৰা বৈশালীলৈ উভতি যায়।
তাতে আনন্দৰ হতুৱাই ভিক্ষু-সংঘক মতাই নি মহাবনৰ কুটাগাৰশালাত
সমৱেত কৰায় আৰু ভালেমান উপদেশ দিয়ে। তাৰ পিছত ভিক্ষু-
সংঘৰ লগত ভগৱানে ভাণ্ডগ্ৰাম, হস্তিগ্ৰাম, আম্ৰগ্ৰাম, জম্বুগ্ৰাম, ভোগনগৰ
আদি ঠাইত ভ্ৰমণ কৰি গৈ পাৱা নামৰ নগৰীৰ চুন্দ কমাৰৰ আম্ৰবনত
অৱস্থান কৰে। চুন্দই নিজৰ ঘৰলৈ ভগৱান আৰু ভিক্ষু-সংঘক আমন্ত্ৰণ
কৰি নিয়ে। চুন্দই ৰন্ধোৱা আহাৰ্য্যবোৰৰ ভিতৰত 'সূকৰমদ্দৱ’ নামৰ
এবিধ পদাৰ্থও আছিল। তাক খোৱাৰ পিচতে ভগৱানৰ অতিসাৰ
ৰোগ হয়। তথাপি ভগৱানে সেই বেদনা সহ্য সৰি কুকুৎথা আৰু
হিৰণ্যৱতী নামৰ দুখন নৈ পাৰ হয় আৰু কুশিনাৰাত উপস্থিত হযগৈ হয়গৈ।
তাতে মল্লসকলৰ শালবনত সেই ৰাতিৰ পশ্চিম যামত বুদ্ধ ভগৱানৰ
পৰিনিৰ্ব্বাণ প্ৰাপ্তি হয়। এইদৰে ভগৱানৰ অতিশয় বোধপ্ৰদ আৰু
কল্যাণপ্ৰদ জীৱন শেষ হৈ যায়।
⸻