পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৮
ভগৱান বুদ্ধ
 

ভেদৰ ঔষধ দিয়াটোতো তেনেই সাধাৰণ কথা আৰু দেৱদত্তক অতিশয় অধম প্ৰতিপন্ন কৰিবলৈকো হয়তো দেৱদত্তৰ এই কথাৰ ৰচনা কৰা হৈছে। সেই কথা সঁচা হলেও সেই ঘাৰ ফলত ভগৱান ভালেমান দিন ধৰি নৰিয়াত পৰি থকা বুলি অনুমান নহয়। এইদৰে এনে ধৰণৰ সৰু- সুৰা ৰোগৰ কথা এৰি দি আমি কব পাৰোঁহক যে বুদ্ধ হোৱাৰ পিচত ভগৱানৰ স্বাস্থ্য মুঠতে ভালেই আছিল।
 নিৰোগৰ কাৰণ- ভগৱান বুদ্ধ আৰু তেওঁৰ শিষ্যসকলে সকলো জাতিৰ মানুহৰে পৰা ভিক্ষা গ্ৰহণ কৰিছিল আৰু দিনে মাথোন এবাৰ আহাৰ কৰিছিল। তথাপিও তেওঁলোকৰ স্বাস্থ্য ভালে আছিল আৰু মুখ প্ৰসন্ন দেখা গৈছিল। ইয়াৰ প্ৰমাণ হল তলত দিয়া কাল্পনিক সংবাদ-

(প্ৰশ্ন) অৰঞঞে বিচৰন্তানং সন্তানং ব্ৰহ্মচাৰিনং।
 একভত্তং ভুজমানানং কেনভ্বণ্ণো পসীদতি॥

 অৰ্থাৎ “অৰণ্যত থাকে, ব্ৰহ্মচৰ্য্য় পালন কৰে, আৰু এবাৰ ভোজন কৰে, তথাপিও সাধুসকলৰ কান্তি কিদৰে প্ৰসন্ন হৈ থাকে?”

(উত্তৰ) অতীতং নানুসোচন্তি নপ্পজপ্পন্তি নাগতং।
 পচ্চ পম্নেন যাপেন্তি তেন ৱণ্ণো পসীদতি॥

 অৰ্থাৎ, “তেওঁলোকে অতীতৰ শোক নকৰে, অনাগত বিষয় লৈ অনৰ্থক প্ৰলাপ নকৰে আৰু বৰ্ত্তমানতো সন্তুষ্ট থাকে, গতিকে তেওঁ- লোকৰ কান্তি প্ৰসন্ন থাকে।"[১৩]


(১৩)^  চাওক, দেৱতাসংযুত্ত', ৱগ্‌গ ১, সুত্ত ১০।