সমললৈ যাওক

পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮২
ভগৱান বুদ্ধ
 


চেঁচা পানী নাখায়, আৰু পৃথিবীৰ পৰমাণু আদিৰ যাতে সংহাৰ নহয় সেই বিষয়ে তেওঁলোকে অতিশয় সাৱধানতা অৱলম্বন কৰে।

 কিন্তু জৈন উপাসকসকলে খেতি-বাতি কৰিছিল, শইচ লগাইছিল আৰু তাক ৰান্ধি আহাৰ প্ৰস্তুত কৰিছিল। এই কামত পৃথ্বী, অপ, তেজ, বায়ু, বনস্পতি আৰু এস—এই ছয়োবিধ জীৱৰে সংহাৰ হৈছিল। পৃথিবীত হাল বাওঁতে অকল পৃথ্বী পৰমাণুয়ে যে নষ্ট হয় এনে নহয়, আন আন পোক-পৰুৱা আদি লাখ লাখ সৰু সৰু প্ৰাণী মৰি যায়। শস্য ৰন্ধাৰ সময়ত বনস্পতিকায়, অপ্কায়, অগ্নিকায় আৰু বায়ুকায় আদি সকলো প্ৰাণীৰে ধ্বংস হয়। তথাপি জৈন সাধুসকলে তেনে অন্নৰ ভিক্ষা গ্ৰহণ কৰে। তেনেহলে কোনো জৈন উপাসকে প্ৰস্তুত কৰা মাংস-ভিক্ষা গ্ৰহণ কৰাত প্ৰাচীন জৈন শ্ৰমণসকলৰ কি আপত্তি হব পাৰে? আৰু ‘আমগন্ধ সুত্ত’ৰ যুক্তিমতেই জানো তেওঁলোকে তাক সমৰ্থন কৰা নাছিল?

 গোমাংস আহাৰৰ বিৰুদ্ধে আন্দোলন-এতিয়া মাংস- আহাৰৰ বিৰুদ্ধে কিদৰে আন্দোলন আৰম্ভ হৈছিল, আমি তাৰে চমু আলোচনা কৰোঁহক। বোধহয় পোন পহিলতে বৌদ্ধসকলেই গোমাংস আহাৰৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল। আমি নৱম অধ্যায়ত গৰুৰ উপযোগিতা সম্বন্ধে’ ‘ব্ৰাহ্মণ-ধাৰ্ম্মিক সত্ত’ৰ দুটা গাথা তুলি দিছোঁহক। ইয়াৰ বাহিৰে আৰু কিছুমান গাথালৈ লক্ষ্য কৰক :

ন পাদা ন ৱিসাণেন নাস্সু হিংসন্তি কেনচি।
গাৱো এলকসমানা সোৰতা কুম্ভদূহনা।
তা ৱিসাণে গহেত্বান ৰজা সৎথেন ঘাতয়ি॥
ততো চ দেৱা পিতৰো ইন্দো অসুৰ ৰকৃখসা।
অধস্মো ইতি পক্কন্দুং যং সৎথংনিপতী গৱে॥

অৰ্থাৎ, ‘তেৰাৰ নিচিনা নম্ৰ আৰু পাত্ৰ ভৰাই গাখীৰ দিয়া গায়ে ঠেং,