পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মাংসাহাৰ
২৮৩
 


শিং বা আন কোনো অঙ্গেৰে কাৰো হিংসা নকৰে। সিহঁতক (ব্ৰাহ্মণসকলে কোৱাত) ইক্ষাকু ৰজাই শিঙত ধৰি নি মাৰি পেলালে। তেতিয়া গাইৰ ওপৰত শস্ত্ৰ আঘাত কৰাত দেৱতা, পিতৃ, ইন্দ্ৰ, অসুৰ আৰু ৰাক্ষসসকলে এই বুলি কৈ আক্ৰোশ কৰিলে যে অধৰ্ম্ম হৈ গল।’

 ভালেমান দিনলৈকে ব্ৰাহ্মণসকলে গোমাংস এৰা নাছিল -বৌদ্ধ আৰু জৈনসকলৰ চেষ্টাত গোমাংসৰ আহাৰ নিষিদ্ধ হবলৈ ধৰিলে, কিন্তু ব্ৰাহ্মণসকলৰ মাজত সি নিষিদ্ধ হোৱাত আৰু কেবা শতিকাও সময় লাগিছিল। প্ৰথমতে এই বুলি যুক্তি দেখুৱা হল যে যজ্ঞৰ কাৰণে দীক্ষা লোৱা লোকে গোমাংস খোৱা উচিত নহয়।

 স ধেম্বৈ চানডুহশ্চ নাশ্মীযাৎ। ধেম্বনডুহৌ ৱাহইদং সৰ্বং বিভৃতন্তে দেৱা অব্ৰুৱন্ ধেম্বনডুহৌ ৱাহইদং সৰ্বং বিভৃতো হন্ত যদন্যেষাং ৱয়সাং ৱীৰ্যং তদ্ধেম্বনডুহয়োৰ্দধামেতি তস্মাদ্ধেম্বনডুহয়োৰ্নাগ্নীয়াৎ তদু হোৱাচ যাজ্ঞৱল্ক্যোহঅশ্নাম্যেৱাহং মাংসলং চেদ্ ভৱতীতি।[৬]

 অৰ্থাৎ ‘গাই আৰু বলধ খোৱা উচিত নহয়। গাই আৰু বলধে এই সকলো ধাৰণ কৰে। সেই দেৱসকলে কৈছে যে গাই আৰু বলধে এই সকলো ধাৰণ কৰে, গতিকে আন জাতিৰ পশুৰ বীৰ্য্য আমি গাই আৰু বলধৰ ওপৰত ন্যস্ত কৰোঁহক—গতিকে গাই আৰু বলধ খাব নালাগে। কিন্তু যজ্ঞৱল্ক্যই কয়, ইয়াৰ দ্বাৰা শৰীৰ মঙহাল হয়, গতিকে মই (ইয়াৰ) মঙহ অৱশ্যে খাম।”

 এই বাদ-বিবাদ যজ্ঞশালালৈকেহে আৱদ্ধ আছিল। কোনো কোনোৱে কৈছিল দীক্ষিত লোকে যজ্ঞশালাত প্ৰৱেশ কৰিলে গোমাংস খোৱা উচিত নহয়। কিন্তু যাজ্ঞবল্ক্যই সেই মত সমৰ্থন নকৰিছিল। ______________________________________

(৬)^  ‘শতপথ ব্ৰাহ্মণ,’ ৩|১|২|২১