শ্ৰমণৰ দ্বাৰা মাংসাহাৰৰ সমৰ্থন—এই সুত্ত অতি প্ৰাচীন,
তথাপি ইয়াক কাশ্যপ বুদ্ধই নিজে ৰচনা কৰা বুলি ধৰি লবলৈ কোন
সুদৃঢ় প্ৰমাণ নাই। ইয়াৰ পৰা এইখিনিকে ধৰি লব লাগিব যে বুদ্ধৰ
সমসাময়িক শ্ৰমণসকলে এইদৰে মাংসাহাৰৰ সমৰ্থন কৰিছিল।
এই সুত্তত তপশ্চৰ্য্যা নিৰৰ্থক বুলি কোৱা হৈছে। এই মত জৈন শ্ৰমণসকলৰ বাবে ভাল নলগাৰে কথা, কিয়নো তেওঁলোকে বাৰে বাৰে তপস্যা কৰিছিল। তথাপি তেওঁলোকেও বোধহয় এনেভাৱেই মাংসা- হাৰৰ সমৰ্থন কৰিছিল, কিয়নো তেওঁলোকে পুৰণি কালৰ তপস্বী সকলৰ নিচিনাকৈ বনৰ ফল-মূলৰ ওপৰত নিৰ্ভৰ নকৰি ৰাইজৰ পৰা পোৱা ভিক্ষাৰ ওপৰত নিৰ্ব্বাহ কৰি চলিছিল আৰু সেই সময়ত মাছ-মঙহ নথকা আহাৰ ভিক্ষা পোৱাটো অসম্ভৱ আছিল। ব্ৰাহ্মণসকলে যজ্ঞত হেজাৰ হেজাৰ প্ৰাণী বধ কৰি তাৰ মঙহ ওচৰ-চুবুৰীয়া গাওঁবোৰৰ মানুহৰ মাজত বিলাই দিছিল। গাৱঁৰ মানুহে দেৱতাৰ আগত প্ৰাণী বলি দি তাৰ মঙহ খাইছিল। তদুপৰি কচাইহঁতে গৰু মাৰি ঠিক চাৰিআলিবোৰত তাৰ মঙহ বেচিছিল। এনে অৱস্থাত ৰন্ধা অন্নৰ ভিক্ষা লৈ জীৱন নিৰ্ব্বাহ কৰা শ্ৰমণসকলৰ পক্ষে নিৰামিষ ভিক্ষা পোৱাটো কেনেকৈ সম্ভৱ হব পাৰে?
জৈনসকলৰ মতে পৃথ্বীকায়, অপকায়, বায়ুকায়, অগ্নিকায়, বনস্পতি- কায় আৰু এসকায়-এই ধৰণৰ ছটা হল জীৱভেদ (২২৬ পৃষ্ঠা চাওক)। পৃথ্বীকায়ৰ অৰ্থ হল পৃথিবীৰ পৰমাণু। সেইদৰে জল, বায়ু আৰু অগ্নিৰ পৰমাণুও সজীৱ। বনস্পতিকায় অৰ্থাৎ গছ-লতা আদি বনস্পতিসমূহ। সিও যে সজীৱ তাক কোৱাৰ আৱশ্যকতা নাই। এসকায়ৰ অৰ্থ হল কীট-পতঙ্গৰে পৰা আৰম্ভ কৰি হাতীলৈকে সকলো সৰু বৰ প্ৰাণী। এই ছটা কায়ৰ ভিতৰত যি কোনো প্ৰাণীকে হত্যা কৰাটো জৈন শ্ৰমণে পাপ বুলি বিবেচনা কৰে। গতিকে তেওঁলোকে ৰাতি চাকি নজ্বলায়,