৮। পাপী, ধাৰ নোসোধোৱা, টুটকীয়া, ভেটি খোৱা, অধিকাৰী,
ইহলোকত পাপৰ সৃষ্টি কৰা যি নৰাধম কাম কৰে সিয়েই আমগন্ধ,
মাংস-ভোজন নহয়।
৯। যাৰ প্ৰাণীৰ প্ৰতি দয়া নাই, যি লোটপাট কৰি আনৰ ওপৰত উৎপীড়ন কৰে, যি দুঃশীল, ভয়াবহ, গালি-শপনি দিয়ে আৰু আনক অনাদৰ কৰে, তেওঁৰ কামেই আমগন্ধ, মাংস-ভোজন নহয়।
১০।এনেবোৰ কৰ্ম্মত আসক্ত থকা, বিৰোধ কৰা, হত্যা কৰা, সদায় এনে কামত লিপ্ত থকা যাৰ ফলত তেওঁ পৰলোকত অন্ধকাৰত প্ৰৱেশ কৰে আৰু ওপৰৰ পিনে ভৰি আৰু তলৰ পিনে মূৰ কৰি নৰকত থাকে, তেনেলোকৰ কৰ্ম্মহে আমগন্ধ, মাংস-ভোজন নহয়।
১১। মাছ মঙহৰ আহাৰ নিষিদ্ধ কৰা, নগ্ন হৈ থকা, মুণ্ডণ কৰা, জটা ধাৰণ, ভস্ম সনা, খুৰদৰা অজিন চৰ্ম্ম, অগ্নিহোত্ৰৰ উপাসনা বা ইহলোকৰ আন বিবিধ তপশ্চৰ্য্যা, মন্ত্ৰাহুতি, যজ্ঞ আৰু শীতোষ্ণ সেৱন কৰি তপ কৰা-এইবোৰ কথাই কুশঙ্কাৰ পিনে পৰি নোযোৱা মৰ্ত্ত্য়ক পৱিত্ৰ কৰিব নোৱাৰে।
১২। ইন্দ্ৰিয়ৰ সংযমী আৰু ইন্দ্ৰিয়বোৰক চিনি লৈ আচৰণ কৰোঁতা, ধৰ্ম্মস্থিত, আৰ্জ্জৱ আৰু মাৰ্দ্দৱকে সন্তোষ বুলি বিশ্বাস কৰোঁতা, সঙ্গাতীত আৰু যাৰ দ্বাৰা সকলো দুখৰে নাশ কৰা হৈছে, তেনে ধীৰ পুৰুষহে দুষ্ট আৰু শ্ৰত পদাৰ্থত বদ্ধ নহয়।
১৩। এই অৰ্থ ভগৱানে বাৰে বাৰে প্ৰকাশ কৰিছে আৰু তাক মন্ত্ৰপাৰগে (ব্ৰাহ্মণ তাপসে) জানিছে। এই অৰ্থ সেই নিৰাগন্ধ, অনাসক্ত আৰু অদম্য মুনিয়ে ৰম্য গাথাৰে প্ৰকাশ কৰিছে।
১৪। নিৰাগন্ধ আৰু আটাইবোৰ দুখৰে নাশ কৰোঁতা সেই বুদ্ধৰ সুভাষিত বচন শুনি তেওঁ (তাপসজনে) নম্ৰভাৱে তথাগতক প্ৰণাম কৰিলে আৰু তেতিয়াই তাতে প্ৰব্ৰজ্যা গ্ৰহণ কৰিলে।