পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৮
ভগৱান বুদ্ধ
 


 অস্পৃশ্যতাৰ পৰিণাম—এইদৰে বিজেতা সকল তো হিন্দু-সমাজত মিলি গল কিন্তু অস্পৃশ্য সকলৰ অৱস্থাৰ হলে কোনােৰূপ উন্নতি নহল। জৈন আৰু বৌদ্ধ শ্ৰমণসকলে কালৈকো কেৰেপ নকৰাকৈ তেওঁলােকৰ অনুকূলে অন্দোলন চলােৱাৰ ফলত অস্পৃশ্যসকলৰ প্ৰতি আন বােৰ লােকৰ মাজত ঘৃণা বাঢ়ি গল, তেওঁলোকক উৎপীড়ন কৰিবলৈ ধৰা হল আৰু শেহত লাহে লাহে তাৰ পৰিণাম সদৌ সমাজ তথা জৈন আৰু বৌদ্ধ সকলেও ভুগিবলগীয়া হল।
 জাতিভেদ ক্রমে কঠোৰ হৈ যােৱাৰ লগে লগে জৈন আৰু বৌদ্ধ সকলকো ক্রমান্বয়ে অধিক নিন্দনীয় বুলি গণ্য কৰা হল, তাৰ কাৰণ হল এয়ে যে তেওঁলােকে আটাইবােৰ জাতিৰ মানুহৰে পৰা ভিক্ষা গ্রহণ কৰিছিল। জৈন সংঘত অস্পৃশ্য লােকক লােৱাত নিষেধ থাকিলেও তেওঁলােকে সংঘত শূদ্ৰক গ্ৰহণ কৰিছিল যেন লাগে। বৌদ্ধ-সংঘততো শেহলৈকে জাতিভেদৰ বাবে ঠাই নাছিল, কিন্তু সমাজত জাতিভেদ বাঢ়ি গৈছিল আৰু শম্বুকৰ নিচিনা কাহিনী ৰচনা কৰি তাক লােকপ্রিয় পুৰাণত সামৰি লৈ ৰাইজৰ আগত দাঙি ধৰাটো ব্ৰাহ্মণৰ পক্ষে সম্ভৱ হৈ পৰিছিল। ধীৰে ধীৰে বৌদ্ধ শ্ৰমণসকল ধবংস হৈ গল, আৰু জৈন শ্ৰমণসকল কোনােৰকমে তিস্থি থাকিল। কিন্তু তেওঁলােকৰ দ্বাৰা সমাজ সংশােধনৰ কোনােৰূপ গুৰুত্বপূর্ণ কাম হব নােৱাৰিলে।

 আন আন দেশত ভিক্ষুসংঘৰ কাম—জাতিভেদৰ সমুখত বৌদ্ধ ভিক্ষু-সংঘ ভাৰতবৰ্ষত তিস্থি থাকিব নােৱাৰিলে সঁচা, কিন্তু বাহিৰৰ দেশত এই সংঘই ভালেমান কাম কৰি দেখুৱাইছে। দক্ষিণৰ সিংহল দ্বীপ, পূবৰ মান দেশৰ পৰা আৰম্ভ কৰি জাপানলৈকে আৰু উত্তৰ পিনে তিব্বত মঙ্গোলীয়া আদি দেশত বৌদ্ধ-সংঘই এসময়ত বহুজন-সমাজক