পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জাতি-ভেদ
২৬৭
 

দৰ্জী, কাপোৰৰ বোল দিওঁতা আদি অস্পৃশ্য জাতি জুঙ্গিত। স্পৃশ্য হৈও যি মানুহে তিৰোতা, ম’ৰাচৰাই, কুকুৰা চৰাই, ভাটৌ আদিৰ পালন, বাহ আৰু ৰচী আদিত উঠি খেল দেখুৱা, নখ পৰিষ্কাৰ কৰা, গাহৰী পোহা, ধনু চলোৱা ব্যাধৰ বৃত্তি আদি নিন্দনীয় কাম কৰে তেনে লোক কৰ্ম্ম জুঙ্গিত। হাত-ভৰিহীন, পঙ্গু, কুঁজা, বাওনা, কণা আদি শৰীৰ জুঙ্গিত। ৰাইজৰ মাজত এই সম্বন্ধে আলোচনা সমালোচনা হোৱাৰ সম্ভাৱনা থকা কাৰণে এই লোক সকলো দীক্ষা দিয়াৰ যোগ্য নহয়।[১]
 বৌদ্ধ-ভিক্ষু-সংঘত প্ৰৱেশ লাভৰ কাৰণে জাতিৰ বাধা নাছিল। কোনো কৰ্ম্ম নিন্দনীয় হলে তাক অৱশ্যে এৰি দিব লাগিছিল, কিন্তু তাৰ দ্বাৰা কোনো লোকক দীক্ষা পোৱাৰ বাবে অযোগ্য বুলি গণ্য কৰা নহৈছিল।
 হিন্দু সমাজত অহিন্দুৰ প্ৰৱেশ—তথাপিও বৌদ্ধ আৰু জৈন সম্প্ৰদায়ে বিদেশী লোকক হিন্দু-সমাজত গ্ৰহণ কৰি লোৱাৰ নিচিনা এটা ডাঙৰ কাম কৰি থৈ গৈছে। গ্ৰীক, শক, হূণ, মালৱ, গুৰ্জ্জৰ আদি দেশবিদেশৰ জাতিবোৰ ভাৰতবৰ্ষলৈ আহিছিল আৰু এই দুটা ধৰ্ম্মৰ আহল বহল দুৱাৰেৰে তেওঁলোকেও হিন্দু-সমাজত প্ৰৱেশ কৰিছিল।
 প্ৰথমতে এই লোকসকল জৈন বা বৌদ্ধ হৈছিল আৰু তাৰ পিচত নিজৰ ৰুচি অনুসৰি ব্ৰাহ্মণ, ক্ষত্ৰিয় বা বৈশ্য হৈছিল। ইয়াৰ প্ৰমাণ কৰিব পাৰি যে একে পৰিয়ালৰে এজন ভায়েকৰ সন্তানে হয়তো ক্ষত্ৰিয়ত্ব আৰু আন জনৰ সন্তানে হয়তো ব্ৰাহ্মণত্ব স্বীকাৰ কৰি লৈছিল।[২]


  1. ‘প্ৰৱচন সাৰোদ্ধাৰ’, দ্বাৰ ১০৭। এই উদ্ধতিৰ প্ৰতি মুনি শ্ৰীজিন বিজয়জীয়ে মোৰ দৃষ্টি আকৰ্ষণ কৰে, তাৰ বাবে মই তেওঁৰ ওচৰত কৃতজ্ঞ— লেখক।
  2. এই প্ৰসংগত চাওক, Indian Antiquary, Vol. 40, January 1911, pp. 7-37 প্ৰকাশিত Dr. D. R. Bhandarkarঅৰ 'The Foreign Elements in the Indian Population' শীৰ্ষক প্ৰৱন্ধ; বিশেষকৈ ৩৫-৩৬ পৃষ্ঠাত উল্লেখ কৰা বিষয়।