পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জাতি-ভেদ
২৬৯
 

সুসংস্কৃত ভাৱে গঢ়ি তুলিছিল। উত্তৰ পিনে হিমালয় পাৰ হৈ গৈ আৰু দক্ষিণ আৰু পূব পিনে সমুদ্ৰ যাত্ৰা কৰি অনেক ভিক্ষুৱে এই আটাইবোৰ দেশতে বৌদ্ধ সংস্কৃতিৰ ধ্বজা উৰাইছিল, ইয়াৰ বীজ বুদ্ধৰ ওপৰত দি অহা উপদেশত নিহিত আছে। বুদ্ধই জাতিভেদক অলপ মানো ঠাই দিয়া হেঁতেন তেওঁৰ অনুগামী ভিক্ষুসকলে ম্লেচ্ছ বুলি পৰিগণিত দেশবোৰলৈ গৈ বৌদ্ধধৰ্ম্মৰ প্ৰসাৰ নকৰিলেহেঁতেন। এতেকে আমি কব পাৰোঁহক যে জাতিভেদৰ পৰা আমাৰ অৱশ্যে হানি হৈছে, কিন্তু পুব এচিয়া মহাদ্বীপৰ তাৰপৰা লাভ হে হৈছে।