পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৬
ভগৱান বুদ্ধ
 

 হীন জাতিৰ লােকক জৈন সাধু-সংঘত লােৱাৰ নিষেধ—

বালৱুড্‌ঢে নপুংসেয় কী ৱে জড্‌ঢে য় ৱাহিএ ।
তেণে ৰাযৱগাৰী য উন্মত্তে য় অদংসণে ॥
দাসে দুট্‌ঠেয় মুঢেয় অণত্তে জুংগিএ ইয় ।
উবদ্ধএ চ ভয়এ সেহনিপ্‌ফেডিয়া ইয় ॥

 অর্থাৎ (১) বাল, (২) বৃদ্ধ, (৩) নপুংসক (৪) ক্লীৱ, (৫) জড়, (৬) ব্যাধিত, (৭) চোৰ, (৮) ৰাজ অপৰাধী, (৯) উন্মত্ত, (১০) অদর্শন (১১) দাস, (১২) দুষ্ট, (১৩) মূঢ়, (১৪) ধৰুৱা (১৫) জুঙ্গিত, (১৬) কয়দী, (১৭) ভয়াতুৰ আৰু (১৮) পলুৱাই অনা শিষ্য ; এই ওঠৰ প্ৰকাৰৰ মানুহক জৈন সাধু সংঘত লােৱাটো নিষিদ্ধ, ইযাৰে ভালেমানক বৌদ্ধ ভিক্ষু সংঘতাে লব পৰা নগৈছিল। এই দুযােটা দুয়োটা সংঘৰে প্ৰৱেশবিধিৰ ( উপ-সম্পদাৰ) তুলনা অতিশয় প্রাসঙ্গিক হব।[১] কিন্তু সি এই অধ্যায়ৰ আলােচ্য বিষয় নহয়। ওপৰত উল্লেখ কৰা ওঠৰটা শ্ৰেণীৰ লােকৰ ভিতৰত মাথােন পঞ্চদশ শ্ৰেণীৰ সম্বন্ধে আলােচনা কৰাটো আৱশ্যক হব। সেই শব্দৰ টীকা হল এইঃ
 তথাজাতি-কর্ম-শৰীৰাদির্তিদূষিতো জুংগিতঃ। তত্র মাতঙ্গ-কোলিক-বৰুড-সূচিক-ছিংপাদযােৎস্পৃশ্যা জাতি জুংগিতাঃ। স্পৃশ্যা অপি-স্ত্রী-ময়ুৰ-কুক্কুট-শুকাদিপােষকা। বংশৱৰত্ৰাৰােহণ-নখপ্রক্ষালন-সৌকৰিকত্ব-ৱাগুৰিকত্বাদিনিন্দিত কর্ম কাৰিণঃ কর্ম জুংগিতাঃ। কৰচৰণ ৱর্জিতাঃ পঙ্গু-কুব্জ-ৱামনক-কাৰণ প্ৰভৃতয়ঃ শৰীৰ জুংগিতাঃ। তেহপি ন দীক্ষাৰ্হা লােকেহৱৰ্ণৱাদ সম্ভৱাৎ।
 অর্থাৎ ‘এইদৰে জাতি, কৰ্ম্ম, শৰীৰ আদিৰে দূষিতক জুঙ্গিত বুলি কোৱা যায়। তাৰে ভিতৰত মাতঙ্গ ( চাণ্ডাল ), মাছমৰী, বৰুড,


  1. বৌদ্ধ ভিক্ষু সংঘৰ প্ৰৱেশ বিধি সম্বন্ধে ‘বুদ্ধ ধৰ্ম্ম আণি সংঘ’ৰ পৃষ্ঠা ৫৬-৬০ আৰু ‘বৌদ্ধ সংঘাচা পৰিচয়’ পৃষ্ঠা ১৭-১৯ চাওক।