পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৮
ভগৱান বুদ্ধ
 

 ভগৱান—তোমাৰ জানো এই বুলি বিশ্বাস হয় যে অকল ব্ৰাহ্মণেহে নৈলৈ গৈ স্নানচুৰ্ণেৰে নিজৰ শৰীৰ নিৰ্ম্মল কৰিব পাৰে আৰু আন জাতিৰ লোকে তাক কৰিব নোৱাৰে?
 এসুকাৰী—হে গৌতম, তেনে হব নোৱাৰে। চাৰিওটা জাতিৰ মানুহে নৈলৈ গৈ স্ননাচুৰ্ণেৰে নিজৰ শৰীৰ নিৰ্ম্মল কৰিব পাৰে।
 ভগৱান—তেনেকৈয়ে হে ব্ৰাহ্মণ, আটাইবোৰ জাতিৰ লোকে তথাগতৰ উপদেশ অনুসৰি ন্যায় ধৰ্ম্মৰ আৰাধনা কৰিব পাৰে।

 ব্ৰাহ্মণবৰ্ণৰ শ্ৰেষ্ঠতা লৈ উচ্চ দাবী—বুদ্ধ ভগৱানৰ পৰিনিৰ্ব্বাণৰ পিচত বুদ্ধৰ মুখ্য শিষ্য সকলে চাতুৰ্ব্বৰ্ণ্য নামানিছিল। তেওঁলোকে কৈছিল যে চাতুৰ্ব্বৰ্ণ্য কৃত্ৰিম। ইয়াৰ এটা ভাল উদাহৰণ 'মঝ্‌জিম- নিকায়’ৰ (সংখ্যা ৮৪) মধুৰসুত্তত পোৱা যায়। ইয়াৰ সাৰাংশ হল এই—
 এবাৰ আয়ুষ্মান মহাকচ্চান মধুৰাৰ[৫] ওচৰৰ গুন্দাবনত আছিল। মধুৰাৰ ৰজা অৱন্তিপুত্ৰই মহাকচ্চানৰ কীৰ্ত্তিৰ কথা শুনি নিজৰ দল-বল লৈ তেওঁৰ ওচৰলৈ গল আৰু কুশল বাতৰি সুধি এফালে আসন গ্ৰহণ কৰিলে। তাৰ পিচত কলে, ‘হে কাত্যায়ন, ব্ৰাহ্মণ সকলে কয় যে ব্ৰাহ্মণ বৰ্ণই শ্ৰেষ্ঠ, আন বৰ্ণ হীন, ব্ৰাহ্মণ বৰ্ণ শুক্ল, আন বৰ্ণ কৃষ্ণ, ব্ৰাহ্মণেহে মুক্তি পাব পাৰে, আন বৰ্ণ ই নোৱাৰে আৰু ব্ৰাহ্মণ ব্ৰহ্মদেৱৰ মুখৰ পৰা উৎপন্ন আৰু ব্ৰহ্মদেৱৰ ঔৰস পুত্ৰ। এই সম্বন্ধে আপোনাৰ মত কি?
 কাত্যায়ন—হে মহাৰাজ, ইতো নিৰা ঘোষ (কটু চিঞৰ)! ধৰি লওক, কোনো ক্ষত্ৰিয় ধন-ধান্য বা ৰাজ্যৰ দ্বাৰা সমৃদ্ধ হল, তেতিয়া চাৰিও বৰ্ণৰ লোকে তেওঁৰ সেৱা কৰিবনে নকৰে?


(৫)^  তেতিয়াৰ 'মধুৰা'ই আজি-কালিৰ 'মথুৰা'।