পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জাতি-ভেদ
২৫৭
 

পৰিয়ালত জন্মলাভ কৰা মানুহে যদি প্ৰাণীহত্যা আদি পাপ কৰিবলৈ লয় তেন্তে তেওঁৰ কুলীনতা ভাল নহয় আৰু যদি তেওঁ প্ৰাণহত্যা আদি পাপৰ পৰা বিৰত থাকে তেন্তে তেওঁৰ কুলীনতা বেয়া নহয়। মোৰ মতে যি মানুহৰ পৰিচৰ্য্যা কৰিলে শ্ৰদ্ধা, শীল, শ্ৰুত, ত্যাগ আৰু প্ৰজ্ঞাৰ অভিবৃদ্ধি হয়, তাৰে পৰিচৰ্য্যা কৰা উচিত।
 এসুকাৰী—হে গৌতম, ব্ৰাহ্মণ সকলে এই চাৰিবিধ ধনৰ কথা কয়— ভিক্ষাচৰ্য্যা ব্ৰাহ্মণৰ নিজা ধন, বাণ-তুণীৰ ক্ষত্ৰিয়ৰ, কৃষি আৰু গোৰক্ষা বৈশ্যৰ, বঠী আৰু পাচি হল শূদ্ৰৰ ধন। এই চাৰিটা বৰ্গই যদি নিজৰ নিজৰ ধনৰ প্ৰতি অৱহেলা কৰে তেন্তে তেওঁলোক চোৰৰ নিচিনা অকৃত্যকাৰ হয়। এই বিষয়ে আপোনাৰ মত কি?
 ভগৱান—ৰাইজে জানো এই চাৰিবিধ ধনৰ কথা কবলৈ ব্ৰাহ্মণ সকলক অধিকাৰ দিছে?
 এসুকাৰী—নাই দিয়া, গৌতম।
 ভগৱান—তেনেহলে ব্ৰাহ্মণ সকলৰ এই কাৰ্য্য মঙহ খাবলৈ নিবিচৰা দুখীয়া লোকক মঙহৰ ভাগ বলেৰে দি তাৰ মূল্য বিচৰাৰ নিচিনা কথা। হে ব্ৰাহ্মণ, মোৰ বক্তব্য হল এয়ে যে আৰ্য্য শ্ৰেষ্ঠ ধৰ্ম্মই আটাইৰে নিজা ধন। ক্ষত্ৰিয়, ব্ৰাহ্মণ, বৈশ্য আৰু শূদ্ৰ কুলত জন্ম লাভ কৰা লোকক যথাক্ৰমে ক্ষত্ৰিয়, ব্ৰাহ্মণ, বৈশ্য আৰু শূদ্ৰ বোলা হয়। যিদৰে কাঠখৰি, হাল, ঘাঁহ আৰু গোবৰৰ জুইক যথাক্ৰমে কাঠাগ্নি, শকলাগ্নি, তৃণাগ্নি আৰু গোময়াগ্নি বোলা হয় সেইদৰেই এইবোৰ সংজ্ঞাৰো ৰচনা কৰা হৈছে। কিন্তু যদিহে এই চাৰিটা জাতিৰ মানুহ প্ৰাণীহত্যা আদি পাপৰ পৰা নিবৃত্ত হয়, তেন্তে তুমি ভাবানে যে অকল ব্ৰাহ্মণেহে মৈত্ৰী ভাৱনা কৰিব পাৰে আৰু আনবোৰ জাতিৰ লোকে নোৱাৰে। একাৰী-হে তেনে হব নোৱাৰে?
 এসুকাৰী—হে গৌতম, তেনে হব নোৱাৰে; যি কোনো জাতিৰ

লোকে মৈত্ৰী ভাৱনা কৰিব পাৰে।

 ১৭